Site icon Guwahati Times

ATMৰ পৰা প্ৰতি মাহে ‘কিমান’ বাৰ ‘বিনামূলীয়া’কৈ টকা উলিয়াব পাৰে জানেনে?

বৰ্তমান যুগত বিত্তীয় লেনদেনৰ ডিজিটেলাইজড সেৱা দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। ঘণ্টাৰ পিছত ঘণ্টা বেংকৰ লাইনত থিয় হৈ কোনেও ভাল নাপায়। দ্ৰুততাৰ যুগত সকলোৱে প্ৰযুক্তিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। ই-বেংকিঙৰ দৰেই গ্ৰাহকৰ বাবেও ATM পছন্দৰ সেৱা।

ভাৰতৰ অৰ্থনৈতিক দিশত লাহে লাহে উন্নতি হোৱাৰ লগে লগে মানুহ ক্ৰমান্বয়ে ডিজিটেলভাৱে সহজ হৈ পৰিছে। বহুতে আৰ্থিক লেনদেন অনলাইনযোগে কৰে।

যদিও কিছুমান ঠাইত আজিও নগদ ধনৰ প্ৰয়োজন। বা য’ত অনলাইন লেনদেন সম্ভৱ নহয়, তেনে ঠাইত বহু লোকৰ হাতত ATM ব্যৱহাৰ কৰাৰ বাহিৰে আন উপায় নাই।

কিন্তু এই ATM ব্যৱহাৰৰ কিছুমান নিয়ম আছে যিবোৰ বহুতে নাজানে। যাৰ বাবে প্ৰয়োজনৰ সময়ত বহু ক্ষেত্ৰত মানুহে বিভিন্ন জটিলতাৰ সন্মুখীন হ’বলগীয়া হয়। আজি বিতংভাৱে জানক যে কোন কোন নিয়ম ভুল হ’লে, আপোনাৰ ধন অপচয় হ’ব পাৰে।

যদিও আপুনি ATMৰ পৰা দিনটোত একাধিকবাৰ ধন উলিয়াব পাৰে, তথাপিও এটা নিৰ্দিষ্ট সীমা আছে যিটো আপুনি নাজানিলে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে বেংকভেদে এইটো বেলেগ বেলেগ। যিটো নিৰ্ভৰ কৰে বিভিন্ন বেংকৰ নিজা নীতিৰ ওপৰত।

এদিনত কিমান টকা উলিয়াব পৰা যাব সেই ধনৰ সঠিক পৰিমাণো বেংকে নিৰ্দিষ্ট কৰি দিয়ে। যিকোনো বেংকৰ পৰা প্ৰতিদিনে সৰ্বাধিক ১০ হাজাৰ টকা উলিয়াব পাৰি, আনহাতে কোনো বেংকৰ পৰা সৰ্বাধিক ২৫ হাজাৰ টকা উলিয়াব পাৰি। আকৌ কিছুমান বেংকৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত উলিয়াব পাৰি।

ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ নিৰ্দেশনা অনুসৰি যিকোনো বেংকৰ ATMৰ পৰা প্ৰতিমাহে সৰ্বাধিক ৫ বাৰলৈ বিনামূলীয়াকৈ বা কোনো মাচুল নভৰাকৈ ধন উলিয়াব পাৰে।

কিন্তু তাতকৈ বেছি টকা উলিয়াব বিচাৰিলে প্ৰতিবাৰে আপুনি সৰ্বাধিক ২১ টকাকৈ মাচুল ভৰিব লাগিব। কিন্তু এই চাৰ্জ বেংকভেদে বেলেগ বেলেগ।

Exit mobile version