বগীনদীৰ চাউলধোৱাত ১৭ শ্রমিকক উত্তম–মধ্যম ক্ষুব্ধ গঞাৰ

1 min read

নাবালিকাক দলবদ্ধভাৱে বলাৎকাৰ কৰি হত্যাৰ সন্দেহ

 

লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ থেকেৰাগুৰিত কালি এগৰাকী পঞ্চম শ্রেণীৰ ছাত্রীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক কেন্দ্র কৰি অঞ্চলটোত তীব্র চাঞ্চল্য বিৰাজ কৰিছে৷ জানিব পৰা মতে, কালি সন্ধিয়া থেকেৰাগুৰিৰ পঞ্চম শ্রেণীত পঢ়ি থকা ৯ বছৰীয়া নাবালিকাক ঘৰত কোনো নথকা অৱস্থাত ঘৰৰ বাৰাণ্ডাত গামোচাৰে চিপ লৈ মৃত অৱস্থাত স্থানীয় লোকে প্রত্যক্ষ কৰি তৎকালে চাউলধোৱা আৰক্ষী চকীত ঘটনা সন্দর্ভত খবৰ দিয়ে৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি অনাৰ পিছতে স্থানীয় ৰাইজে ছাত্রীগৰাকীক ধর্ষণৰ পিছত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱাৰ সন্দেহত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ লগতে ৰাইজে সন্দেহত সমীপতে এন এইচ পি চিৰ টাৱাৰ নির্মাণৰ কামত নিয়োজিত হৈ থকা ১৭জন শ্রমিকক ধৰি আনি উত্তম–মধ্যম শোধায়৷ আৰক্ষীয়ে এই কথা জানিব পাৰি গোটেইকেইজন শ্রমিকক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি আনি সোধা–পোছা কৰে৷ কিন্তু এদিন অতিক্রম কৰাৰ পিছতো আৰক্ষীয়ে ছাত্রীগৰাকীয়ে আত্মহত্যা কৰিছে নে দুর্বৃত্তই ধর্ষণৰ পিছতে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে এই সন্দর্ভত নিশ্চিত হ’ব পৰা নাই৷

আৰক্ষীৰ ভাষ্য মতে, মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’টৰ পিছতহে প্রকৃত সত্য পোহৰলৈ আহিব৷ এই সন্দর্ভত স্থানীয় ৰাইজ, ছাত্রীগৰাকীৰ পৰিয়াল আৰু চাউলধোৱা আঞ্চলিক মানৱ অধিকাৰ সংগ্রাম সমিতিৰ সচিব দেৱৰঞ্জন বৰাই এগৰাকী পঞ্চম শ্রেণীৰ ছাত্রীৰ আত্মহত্যাৰ ঘটনাক ৰহস্যজনক আখ্যা দি ইয়াৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্রদান কৰিবলৈ দাবী জনাইছে৷

ৰূপহীহাটৰ বৰঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড

ৰূপহীহাট থানাৰ অন্তর্গত বৰঘাটত যোৱানিশা এটা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়৷ ৰাশ্বিদা খাতুন নামৰ মহিলাগৰাকীৰ আজিৰ পৰা ৬ বছৰ পূর্বে বৰঘাটৰ বাহাৰুল ইছলামৰ লগত বিবাহ সম্পন্ন হৈছিল৷ কিন্তু যোৱানিশা হঠাৎ ৰাশ্বিদাৰ গিৰিয়েকৰ ঘৰৰ পৰা ফোনত দেওৰেকে কয় ৰাশ্বিদাই চিপ লৈ আত্মহত্যা কৰিছে৷ এই খবৰ লাভ কৰাৰ পিছত ৰাশ্বিদাৰ পৰিয়ালৰ লোক উপস্থিত হৈ ৰাশ্বিদাক চিপ লৈ থকাৰ পৰিৱর্তে বিছনাত মৃত অৱস্থাত প্রত্যক্ষ কৰে৷ ৰাশ্বিদাৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে৷ কাৰণ হত্যাকাণ্ডৰ পিছতে স্বামী বাহাৰুল ইছলাম আৰু দেওৰেকে ঘৰৰ পৰা পলায়ন কৰে৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্রেৰণ কৰিছে৷ আৰক্ষীৰ তদন্তৰ অন্তত ই হত্যাকাণ্ড নে আত্মহত্যা সকলো তথ্য পোহৰলৈ আহিব৷

You May Also Like

More From Author