Site icon Guwahati Times

অংশুমিতা গগৈলৈ ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰভাৱশালী মহিলা বঁটা

সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট মহিলা তথা লেখিকা, যোৰহাট জিলাৰ নকছাৰি দহোটীয়া গাওঁৰ নিবাসী অংশুমিতা গগৈক এছিয়াৰ টপ ১০০ ইনফ্লুৱেনছিয়েল মহিলা বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।

এই বঁটা আগবঢ়াইছে ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আলোচনী দিভা প্লেনেতে। হাৰিয়ানাৰ পৰা প্ৰকাশিত “দিভা প্লেনেত” আলোচনীখনে সাহিত্য আৰু সমাজ সেৱা শিতানত অংশুমিতা গগৈলৈ আগবঢ়াইছে এই বঁটা।

উল্লেখ্য যে জনপ্ৰিয় এই আলোচনীখনে প্ৰত্যেক বছৰৰ দৰে তৃতীয় বাৰৰ বাবে এইবাৰো এছিয়াৰ ভিতৰত টপ ১০০ মহিলা নিৰ্বাচিত কৰিছে য’ত এইবাৰৰ তালিকাত অংশুমিতা গগৈ নিৰ্বাচিত হৈছে।

উল্লেখযোগ্য যে বিভিন্ন আলোচনীত লেখা- মেলা প্ৰকাশ পোৱা অংশুমিতা গগৈ আধুনালুপ্ত “প্ৰয়াস” আলোচনীৰ মুখ্য সম্পাদিকাৰ লগতে বৰ্তমান জনপ্ৰিয় মাহেকীয়া সাহিত্য আলোচনী “দিগদৰ্শন”ৰ কাৰ্যবাহী সম্পাদিকাৰূপে কৰ্মৰত।

“এমুঠি সেউজীয়া সপোন” আৰু “একুঁকি আধুনিক লিমাৰিক” অংশুমিতা গগৈৰ ইতিমধ্যো প্ৰকাশিত জনপ্ৰিয় কাব্যগ্ৰন্থ।

Exit mobile version