23.3 C
Assam
Friday, October 7, 2022

Featured News

শিশু সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱালৈ অসমীয়া শিশু সাহিত্য বঁটা

Assamese Newsশিশু সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱালৈ অসমীয়া শিশু সাহিত্য বঁটা

নিউজ ব্যুৰ’,নগাঁও,১১আগষ্ট:–শিশু সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱালৈ আগবঢ়োৱা হৈছে অসমীয়া শিশু সাহিত্য বঁটা ৷ “অকণি সাহিত্য সভা”ই সাহিত্যিক শৰ্মা বৰুৱালৈ আগবঢ়াইছে এই বঁটা ৷ শিশুসকলৰ উপযোগীকৈ বিশ্বৰ বিখ্যাত লোকৰ কেইবাখনো জীৱনী গ্ৰন্থ ৰচনা কৰিছে অভিজিত শৰ্মা বৰুৱাই ।

চমকপদ দ্রব্যৰ বিষ্ময়কৰ কাহিনী,নেন’- পৰৱৰ্তী বিপ্লৱ,দুটাকৈ খণ্ডত ২০২ টা বিজ্ঞান পৰীক্ষা,বিদ্যুতৰ বিচিত্র কাহিনী,বিজ্ঞানৰ পৰীক্ষা,বিজ্ঞানৰ নানা কথা,বিজ্ঞানৰ অভিনৱ জগতখন,পৰিৱেশবিদ কেইজনমান প্রখ্যাত ভাৰতীয়,কল্পবিজ্ঞানৰ গল্প নতুন পৃথিবী,কল্পবিজ্ঞান উপন্যাসিকা সংকলন দ্বিতীয় তাজমহল,উপন্যাস ৰিংকু,মাইনী আৰু ইটো সিটো বহুতো,এক অনন্য শক্তি- বিদ্যুৎ,এলবাৰ্ট আইনষ্টাইন,আইজাক নিউটন,গেলিলিও গেলিলি, মেৰী আৰু পিয়েৰী কুৰী,টমাছ আলভা এডিচন, আর্কিমিডিছ,চার্লছ ডাৰউইন,লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্রসাদ আগৰৱালা,ভূপেন হাজৰিকা,মামণি ৰয়ছম গোস্বামী,মহাত্মা গান্ধী,জৱাহৰলাল নেহৰু, সর্বপল্লী ৰাধাকৃষ্ণণ,মাদাৰ টেৰেছা,স্বামী বিবেকানন্দ,আব্দুল কালাম,আকাশী গংগা বিচৰা নাই ড°ভূপেন হাজৰিকা,তপস্বিনী মামণি ৰয়ছম গোস্বামী, মহাবীৰ লাচিত,বীৰ চিলাৰায়,ছায়েন্স প্রজেক্ট,ছাত্র-ছাত্রীৰ গাইড,বল্লভ ভাই পেটেল, ৰবীন্দ্রনাথ ঠাকুৰ,মৌলামা আব্দুল কালাম আজাদ আদি গ্ৰন্থ ৰচনা কৰি শিশুৰ জ্ঞান প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াইছে বৰুৱাই ৷ ইয়াৰ বাহিৰেও শৰ্মা বৰুৱাৰ গ্ৰন্থৰ ভিতৰত আছে হানছেল আৰু গ্রেটেল,বুট জোতা পিন্ধা মেকুৰীটো,আলাদ্দিন আৰু যাদুকৰী চাকিটো, গালিভাৰৰ ভ্রমণ,দুজন কণমানি দেৱতা আৰু মুচীজন,ৰূপকুঁৱৰী আৰু জন্তুটো,হেইডি,ৰঙা ওৰণিৰ কণমানিজনী,সঞ্চিত সম্পদৰ দ্বীপটো,চিনড্রেলা, আলিবাবা আৰু চল্লিছজন চোৰ,স্ন’ হোৱাইট আৰু সাতটা বাওনা,এটা হাতী আৰু এটা কেঁকোৰা, বৰটোকোলা পোৱালিটো আৰু মাছবোৰ,এটা কাছ আৰু তাৰ বন্ধুবোৰ,কাটল মাছটোৱে তাৰ প্রাণ হেৰুৱালে,আর্চাৰ মাছটো আৰু তাৰ বিশেষ কৌশল, বুধিয়ক নিগনিটো,ফুলবোৰ, কৌতুহল,উপকাৰী দীঘল নেজডাল,শহা পোৱালিটোৱে গছত বগাবলৈ শিকিলে,সিংহক জীৱনদান দিয়া মানুহকেইজন,চন্দ্রৰ হ্রদটো,প্রভুভক্ত নেউলটো,এডাল সাপ আৰু মূর্খ ভেকুলীজাক, বুধিয়ক কাউৰী,এটাও হাতী মাৰিব নোৱাৰা শিয়ালটো,মূর্খ বামুণজন,মগজু নথকা গাধটো,যি যায় সি পায়,গান গোৱা গাধটো,এটা নীলা শিয়াল, এটা বান্দৰ আৰু এটা ঘৰিয়াল,টেঙা আঙুৰবোৰ, এজন টুপী বেপাৰী,এটা কাছ আৰু তাৰ বন্ধুবোৰ, এটা কাছ আৰু দুটা হাঁহ,নতুন আলহীজন,জ্ঞানী বয়োবৃদ্ধ চৰাইটো,মূর্খ কাউৰীটো,শহা আৰু সিংহ, জ্ঞানী কাছ আৰু তাৰ বন্ধুবোৰ,এটা সিংহ আৰু এটা নিগনি,যেনে কুকুৰ তেনে টাঙোন,পাৰ চৰাইজাক আৰু নিগনিটো,বামুণজনৰ সপোন,এটা চোৰৰ ত্যাগ,হাতী আৰু নিগনি,তিনিজনী মাছ,এটা ফেঁচা আৰু এটা ৰাজহাঁহ,বুঢ়া বৰটোকোলা আৰু কেঁকোৰা,কালজয়ী সাধু-পঞ্চতন্ত্রৰ সাধুসমূহৰ একত্র সংকলন নীতিকথাৰ সাধুসমূহৰ একত্র সংকলন, কালজয়ী সাধুসমূহৰ একত্র সংকলন, মানৱ সভ্যতাৰ দিগদর্শক আদি ৷ বিজ্ঞান বিশ্বকোষ,
সংক্ষিপ্ত অসমীয়া বিশ্বকোষ,সহস্রাব্দৰ বিশ্ব শীৰ্ষক বিশ্বৰ সৃষ্টিৰ পৰা এতিয়ালৈকে বিশ্বৰ ব্যতিক্রমধৰ্মী ইতিহাস,বনলতা নলেজ বেংক,বিশ্ব পৰিক্রমা, সাহিত্যৰ ইয়েৰ বুক,অসমীয়া বুক অফ ৰেকৰ্ডছ, সংজ্ঞা অভিধান আদি গ্ৰন্থৰ সম্পাদনাৰ লগতো তেখেত জড়িত হৈ সাহিত্যৰ ভড়াল চহকী কৰিছে ৷ ১৯৮৭ চনত “দৈনিক অসম” কাকতে নবীন লেখকক পাঠকৰ মাজলৈ অনাৰ লক্ষ্যৰে আয়োজন কৰা সদৌ অসম উপন্যাস প্ৰতিযোগিতাত শৰ্মা বৰুৱাই “প্রত্যাৱর্তন” নামৰ উপন্যাসখনে প্রথম পুৰস্কাৰ লাভ কৰাৰ পিচৰে পৰা সাহিত্য চৰ্চাত থমকি ৰোৱা নাই ৷ যাত্রিকৰ ডায়েৰী,আন্ধাৰত জোনাক,মায়া বন্ধন, ইঞ্জিনিয়াৰিং কলেজ,ইপাৰ সিপাৰ,প্রেমৰ এদিন, সব্যসাচী,সোণোৱালি ল’ৰালি (কিশোৰৰ),নষ্ট পিতৃৰ নষ্ট পুত্র আদি উপন্যাস লিখি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিছে । এইছ জি ৱেলছৰ অদৃশ্য মানুহজন,মেৰী ছেলীৰ ফ্রেংকেনষ্টেইন,জুল ভার্ণৰ ৰহস্যময় দ্বীপ,এইছ জি ৱেলছৰ- দুই জগতৰ যুদ্ধ আদি কালজয়ী সাহিত্য তেখেতে অনুবাদ কৰিছে শৰ্মা বৰুৱাই । বিজ্ঞানক জনপ্ৰিয় কৰাত অগ্ৰণী ভূমিকা লোৱা অভিজিত শৰ্মা বৰুৱা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ জ্যেষ্ঠ বিষয়া ৷ কৰ্মব্যস্ততাৰ মাজতে অসম বিজ্ঞান সমিতি সম্পাদনা বিভাগৰ লগতো জড়িত হৈ আছে । “অকণি সাহিত্য সভা”ই ইয়াৰ পূৰ্বে ২০১৪ চনত দীলিপ কুমাৰ বৰুৱা,২০১৫ চনত শশীন্দ্ৰ কুমাৰ অধিকাৰী,২০১৬ চনত বীণা শৰ্মা, ২০১৭ চনত যুগললোচন দাস,২০১৮ চনত নূপুৰ মোমাইদেউ,২০১৯ চনত ৰঞ্জু হাজৰিকা,২০২০ চনত দ্বিজেন নাথক,২০২১ চনত ৰথীন্দ্ৰ নাথ গোস্বামীলৈ এই অসমীয়া শিশু সাহিত্য বঁটা প্ৰদান কৰিছিল ৷ ইয়াৰ বাহিৰে অকণিৰ সাহিত্য সভাই প্ৰতিবছৰে এখন শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ লেখকলৈ মৃগনয়না শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰি আহিছে ৷ ২০১৯ চনত ”দোকমোকালিৰ বেলি” গ্ৰন্থৰ লেখিকা সুৰাংগনা হাজৰিকালৈ আৰু ২০২০ চনত “ৰিব্‌ৰিব্‌ মুনমীহঁতৰ শেষ নোহোৱা কাহিনী”ৰ বাবে লেখক মৃণাল কলিতালৈ বঁটা আগবঢ়োৱা হৈছিল । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: