Site icon Guwahati Times

কঁকালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা

Young beautiful woman sitting on bed in pajamas with backache. Rear view.

মানৱদেহৰ অন্যান্য অংগত হোৱা বিষৰ দৰেই প্রায় বহুসংখ্যক লোকেই নিজ জীৱনকালত কম–বেছি পৰিমাণে কঁকালৰ বিষত ভোগে৷ ভিন্ন শাৰীৰিক ৰোগৰ লক্ষণ বা উপসর্গ হিচাপেও কঁকালৰ বিষ হোৱা দেখা যায়৷ পিছে বর্তমান সময়ত কঁকালৰ বিষত ভোগা বহুসংখ্যক লোকৰেই বিষৰ কাৰণ– শ্লীপ ডিস্ক বা প্র’লেপড্ ডিস্ক৷ সাধাৰণতে শ্লীপ ডিস্ক বুলিলে মানুহে সহজভাৱে বুজি পায় বা এইটো উমান পাব পাৰে যে মেৰুদণ্ডত থকা মুখ্য সিৰা বা স্পাইনেল কর্ড বা ইয়াৰ পৰা ওলোৱা কোনোবা সিৰা কোনো অংশত ঘটা কিবা এক বিসংগতিৰ ফলত কঁকালৰ বিষ হৈছে বা হয়৷ এই ধাৰণা ভুল নহয়, যদিওবা চিকিৎসা–বিজ্ঞান অনুসৰি ইয়াৰ অন্তর্নিহিত বহুতো কাৰণ আছে৷ সাধাৰণতে এইবিধ মানে, কঁকালৰ বিষ বা শ্লীপ ডিস্কৰ বিষ হঠাতে আৰু খুব তৎক্ষণাত আৰম্ভ হয়৷ আমাৰ দেহৰ ৰাজহাড বা মেৰুদণ্ডডাল মূৰৰ নিম্নাংশৰ পৰা আৰম্ভ হৈ কঁকালৰ শেষ অংশ পর্যন্ত যায় আৰু এইডালেই আমাৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰা মুখ্য হাড৷ প্রতিজন ব্যক্তিয়েই জন্মগতভাৱে মুঠ ৩৩ta ভিন্ন বা সৰু সৰু হাডৰ খণ্ডৰে গঠিত একোডাল ৰাজহাডৰ গঠন হয়৷ এই সৰু সৰু হাডৰ খণ্ডবিলাক ইটোৰ লগত সিটো সংলগ্ণ হৈ থাকে, আৰু তাৰ মাজত থকা জেলীৰ দৰে লুপথুপীয়া অংশটোক ডিস্ক বুলি কোৱা হয়৷ ইয়াৰ পিছফালে থাকে আমাৰ দেহৰ মেৰুসিৰা বা স্পাইনেল কর্ড৷ যেতিয়া এজন ব্যক্তিৰ কঁকালৰ নিম্নাংশৰ বিষৰ কাৰণ শ্লীপ ডিক্স হয়, তেতিয়া এই ডিস্কবিলাক শ্লীপ বা পিছল খাই নাযায়৷ প্রকৃততে হয় এইটো যে এই ডিস্কৰ ভিতৰৰ কোমল অংশ, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘নিউক্লিয়াছ পালপ’চাছ’ বুলি কোৱা হয়, সেইবোৰ ডিস্কৰ বাহিৰৰ দুর্বল আৱৰণেদি বাহিৰলৈ ওলাই পৰে৷ এনেদৰে বাহিৰলৈ ওলাই পৰা ডিস্কে মূল সিৰা বা সিৰাৰ গুৰি আদিৰ ওপৰত চাপ বা হেঁচা দিবলৈ আৰম্ভ কৰে৷ এনেদৰে পোৱা চাপ বা হেঁচাৰ ফলস্বৰূপেই বিষৰ সৃষ্টি হ’ব পাৰে৷
এতিয়া আহিছেছা, এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে৷ অর্থাৎ দেহত কি কি লক্ষণ দেখা দিলে এজন ব্যক্তি শ্লীপ ডিস্কত আক্রান্ত হৈছে বুলি জানিব পাৰিব৷ তেনে কেইটামান লক্ষণ হৈছে–
১) কঁকালৰ বিষ আৰু ভৰিৰ সংবেদনশীলতা কমি অহা (ভৰিৰ কোনো অংশৰ সাৰ–সুৰ নোহোৱা হৈ পৰা), প্রধানতঃ এখন ভৰিৰ,
২) বিষ, যি ভৰি পর্যন্ত সম্প্রসাৰিত হয়,
৩) আক্রান্ত অংশত জিনজিননি, বিষৰ লগতে জ্বলা–পোৰা কৰাৰ অনুভৱ, ইত্যাদি৷
৪) লগতে কঁকালৰ মাংসপেশীত সংকোচন বা মোচোকা খোৱাৰ দৰে হোৱা,
৫) উঠিলে, থিয় হৈ থাকিলে বা বহিলেও খুব বিষ হয়,
৬) নিশাৰ ভাগলৈ আৰু নির্দিষ্ট কিছুমান কাম–কাজ কৰিলে বাঢ়ি যোৱা বিষৰ মাত্রা,
৭) বিছনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হ’ব পাৰে,
৫) বিষৰ লগতে কোনো স্পষ্ট কাৰণ নোহোৱা মাংসপেশীৰ দুর্বলতা,
৬) একেবাৰে কম দূৰত্ব খোজকাঢ়িলেও বিষ বৃদ্ধি পোৱা,
সাধাৰণতে এই বিষ খুব হঠাতে, মানে কোনোধৰণৰ আগতীয়া উমান নোপোৱাকৈ আৰম্ভ হয়৷ যেনে ধৰক, কঁকালত সম্পূর্ণ ভাজ কৰি সমুখলৈ হাউলি কিবা কাম কৰোঁতে, গধুৰ বস্তু বা ওজন ডাঙোতে, আনকি হঠাৎ জোৰেৰে অহা হঁাচি বা কাহ মাৰোঁতেও শ্লীপ ডিস্কৰ বিষৰ আৰম্ভণি ঘটিব পাৰে৷ ৩০ৰ পৰা ৫০বছৰ বয়সৰ লোকসকল এই সমস্যাত বেছিকৈ আক্রান্ত হোৱা দেখা যায়৷ মেৰুদণ্ডৰ যিকোনো ডিস্কেই এই সমস্যাত আক্রান্ত হ’ব পাৰে, পিছে অধিকাংশৰেই নিম্নাংশ বা কঁকালৰ অংশহে আক্রান্ত হোৱা দেখা যায়৷ এই যে ডিস্কৰ ভিতৰৰ অংশ বাহিৰলৈ ওলাই আহে, এনেদৰে ওলাই অহাৰ পৰিমাণ যিমানেই বেছি হয়, সিমানেই বিষ বা এই ৰোগৰ লক্ষণসমূহো বেছি হয়৷
এতিয়া আহিছেছা, এজন ব্যক্তিয়ে কি কি কাম কৰাৰ বা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ফলস্বৰূপে এই শ্লীপ ডিস্ক বা কঁকালৰ বিষৰ সমস্যা হয় সেই দিশলৈ৷ কেইটামান এনে কাম–কাজৰ বিষয়ে তলত উল্লেখ কৰিছেছা–
এনে কাম, য’ত এজন ব্যক্তিয়ে গধুৰ বস্তু বা ওজন দাঙিব লগা হয়,
–এনে কাম, য’ত ব্যক্তিজন দীঘলীয়া সময়ৰ বাবে বহিয়েই থাকিব লগা হয়,
–গধুৰ ওজন দাঙিব লগা হোৱা যিকোনো ধৰণৰ খেলা–ধূলা কৰা,
–ধূম্রপান কৰা,
–প্রয়োজনাধিক শাৰীৰিক ওজন,
–বর্ধিত বয়সৰ লগত বাঢ়ি অহা হাডৰ দুর্বলতাজনিত সমস্যা ইত্যাদি৷
দেহৰ বর্ধিত ওজন হ্রাস কৰা, ধূম্রপান ত্যাগ কৰা, ওজন দঙাৰ কাম বন্ধ কৰা আৰু অধিক সময় বহি নাথাকি মাজে–সময়ে অলপ চলা–ফিৰা কৰা–আদি পদক্ষেপৰ জৰিয়তে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷
এতিয়া আহিছেছা এই ৰোগৰ চিকিৎসালৈ৷ উপৰিউক্ত লক্ষণসমূহ দেহত দেখা দিলেই এজন ব্যক্তিয়ে তাৎক্ষণিকভাৱে কোনো স্নায়ুৰোগ বিশেষজ্ঞৰ ওচৰ চপা উচিত৷ প্রায়বোৰ লোকৰ ক্ষেত্রতেই এই ৰোগৰ পৰা উপশম পাবলৈ অন্ততঃ কেইসপ্তাহমানৰ প্রয়োজন হয়৷ প্রাৰম্ভিক অৱস্থাত বিষৰ তীব্রতা অত্যধিক মাত্রাৰ হোৱাৰ বাবে স্বাভাৱিক দিনচর্যা চলাই নিয়াত সমস্যা হয়৷ যদিওবা প্রাৰম্ভিক অৱস্থাত বিষৰ মাত্রা বেছি হয়, তথাপি ৰোগী এজনে তেওঁৰ নিত্য–নৈমিত্তিক দিনচর্যা চলাই নিব পৰা কামবোৰ কৰিবলৈ লোৱা উচিত৷ সেইবুলি হঠাৎ অত্যধিক চাপ দিয়াৰ প্রয়োজন নাই, লাহে–ধীৰে সৰু–সুৰা দুই–এক কাম কৰা, অলপমান খোজকঢ়া, এনেধৰণৰ কিছুমান কাম অব্যাহত ৰখা উচিত৷ পিছে এই কামবোৰ চিকিৎসক বা ফিজি’থেৰাপিষ্টৰ পৰামর্শ মতেহে কৰা উচিত৷ অধ্যয়ন অনুসৰি প্রাপ্ত তথ্য অনুযায়ী ১০০জন ব্যক্তিৰ ভিতৰত ৫০জনেই পর্যাপ্ত চিকিৎসা পালে ১০ দিনমানৰ ভিতৰতে লাহে লাহে উপশমৰ বাট দেখিবলৈ পা৷
বিষ নিৰাময়ৰ বাবে সাধাৰণতে চিকিৎসকে আইব্রুফিন, ডাইক্ল’ফিনাক, নেপ্র’ক্সেন, পেৰাচিটামল, গাবাপেণ্টিন, মাছ’ল ৰিলেস্কেণ্ট আদি ভিন্ন ধৰণৰ দৰব দিয়ে৷ ডিস্কৰ কিমান অংশ বাহিৰলৈ ওলাইছে আৰু ই মেৰুদণ্ডত কিমান বেছি হেঁচা দিছে, সেয়া চাবলৈ এম আৰ আইৰ দৰে পৰীক্ষা কৰি চাব পাৰি৷ পিছে যদিহে বহুত ডাঙৰ ডিস্ক থাকে বা ৪ সপ্তাহৰ পিছতো এই বিষৰ পৰা উপশম নাপায়, তেন্তে ৰোগীজনৰ অস্ত্রোপচাৰৰ প্রয়োজন হ’ব পাৰে৷ এই অস্ত্রোপচাৰত সেই ডিস্কৰ ভিতৰৰ পৰা ওলাই আহি বাহিৰত চাপৰ সৃষ্টি কৰা অংশক কাটি পেলোৱা হয়৷ যাৰফলত, বিষৰ কাৰক চাপ বা হেঁচা নোহোৱা হৈ ৰোগীজন যন্ত্রণামুক্ত হ’ব পাৰে৷ গতিকে এই ৰোগত আক্রান্ত হ’লেও ভয় খোৱাৰ কোনো কাৰণ নাই, কাৰণ ইয়াৰ চিকিৎসা আৰু নিৰাময় সম্ভৱ৷

 

Exit mobile version