Site icon Guwahati Times

আপোনাৰ মুখ গোন্ধাই নেকি! কেনেকৈ আঁতৰাব এই দুৰ্গন্ধ?

আপোনাৰ মুখ গোন্ধায় নেকি? কেতিয়াবা বন্ধু মহলৰ লগত কথা পাতি থাকোতে অস্বস্তিত পৰিছে নেকি! তেন্তে আৰু চিন্তা নকৰিব। এজন মানুহৰ ব্যক্তিত্ব আৰু সৌন্দৰ্য এক মিনিটত ম্লান পৰে যদিহে আপোনাৰ সন্মুখত থকা লোকজনে আপোনাৰ কথাত নাক কোচাব লগা হৈছে অথবা অশান্তিত পৰিছে। এইটো এটা অসহ্যকৰ সময় যেতিয়া আপোনাক কথা কৈ থকাজনৰ মুখৰ দুৰ্গন্ধ থাকে।

মুখৰ দুৰ্গন্ধই আপোনাৰ শাৰীৰিক একো ক্ষতি নকৰে কিন্তু ব্যক্তিগতভাৱে আনৰ সন্মুখত আপোনাৰ এটা বেয়া ধাৰণা হ’ব পাৰে আৰু আপোনাৰ লগত কথা পাতিবলৈ সংকোচবোধ কৰিব পাৰে সকলোৱে।

মানুহৰ মুখ গোন্ধাই কিয় জানেনে?
  • খোৱাৰ পাছত মুখ ভালদৰে পৰিস্কাৰ নকৰিলে
  • খাদ্যবস্তুৰ টুকুৰা দাঁতত লাগি থাকিলে অতি সোনকালে বীজাণু সংক্ৰমিত হয় আৰু মুখ গোন্ধায়
  • মুখৰ ভিতৰৰ কোনো অংশত বীজাণু সংক্ৰমিত হ’লে
  • দাঁত পোকে খালে আৰু পাচন ক্ৰিয়াত বিসংগতি থাকিলে
  • লিভাৰৰ ৰোগৰ বাবেও মুখ গোন্ধাব পাৰে
  • ভিটামিন ‘বি’ৰ অভাৱৰ বাবে ওঁঠ, জিভাত ঘাঁৰ সৃষ্টি হয় আৰু ইয়ো মুখ গোন্ধোৱাৰ আন এটা কাৰণ
  • মহিলাসকলক মাহেকীয়া বিসংগতি আৰু হৰমনজনিত কাৰণতো মুখ গোন্ধাব পাৰে
  • যদি আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলায়, ৰক্তক্ষৰণ হয় ইয়ো এটা কাৰণ হ’ব পাৰে মুখ গোন্ধোৱাৰ।

কেনেকৈ আঁতৰাব এই দুৰ্গন্ধ—

  • খাদ্যবস্তু খাই মুখ ভালদৰে ধুব যাতে খাদ্য মুখত লাগি নাথাকে
  • ৰাতি খাদ্য খোৱাৰ পাছত ব্ৰাছ কৰাটো প্ৰয়োজনীয়
  • সঘনে জিভা পৰিস্কাৰ কৰি ৰাখিব লাগে
  • ভিটামিন চি থকা থকা বস্তু বেছি খাব লাগে
  • মাছ-মাংস কম পৰিমাণে খোৱাৰ অভ্যাস গঢ়ি তোলাৰ চেষ্টা কৰিব লাগে
  • ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত মুখ পৰিস্কাৰ কৰাটো অত্যন্ত জৰুৰী

উল্লেখযোগ্য যে ৰাতি শোৱাৰ আগত মুখ মণ্ডল ভালকৈ চাফা নকৰিলে বীজাণুৰ বংশবৃদ্ধি বেছিকৈ হয়। দাঁতৰ ফাঁকত যদি খাদ্যৰ টুকুৰা থাকি যায় তেন্তে অতি সোনকালে বীজাণুৱে বংশবৃদ্ধি কৰে আৰু মুখৰ দুৰ্গন্ধ বিয়পোৱাত সহায় কৰে লগতে ধুমপান আৰু মদ্যপান অভ্যাস থাকিলে পৰিহাৰ কৰাৰো দৰকাৰ। যদিহে ঘৰুৱা উপকৰণৰে আপুনি সুফল পোৱা নাই তেন্তে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। বজাৰত এনে বহু ঔষধ উপলব্ধ যিয়ে আপোনাৰ মুখৰ দুৰ্গন্ধ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

Exit mobile version