Site icon Guwahati Times

কাছ সহ হাতে-লোটে আটক এটা চোৰাং চিকাৰী

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাহিতামা বীটৰ অধীনৰ কাঠপুৰাৰ পৰা মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বনকৰ্মীৰ দলে এটা চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন চোৰাং চিকাৰীটোৰ নাম নিৰন নাথ ৷

চোৰাং চিকাৰীটোৰ জিম্মাৰ পৰা বনকৰ্মীৰ দলটোৱে এটা কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দৰ্ভত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বনবিষয়া বাবুল ব্ৰহ্মই জানিব দিয়া মতে এক গোপন খবৰৰ ভিত্তিত মানাহৰ কাহিতামা বীটত বনকৰ্মীৰ দলে এটা জীৱিত কাছসহ হাতে লোটে আটক কৰিবলৈ সক্ষম হয় এটা চোৰাং চিকাৰীক৷

Exit mobile version