Site icon Guwahati Times

চৰাইদেউ জিলাত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা

চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ পল বৰুৱাই যোৱা ৩০ মাৰ্চত জাৰি কৰা এক আদেশ যোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন নীতি, ১৯৫৩ আৰু অসম মীন (সংশোধিত) নীতি ২০০৫ অনুসৰি সমগ্র চৰাইদেউ জিলাতে বলবৎ হোৱাকৈ ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই ২০২২ লৈকে মাছৰ প্ৰজনন ঋতুৰ সময়ত বিশেষ ধৰণৰ আৰু বিভিন্ন আকৃতিৰ মাছ ধৰা আৰু মাছৰ জালৰ ব্যৱহাৰৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি চৰাইদেউ জিলাত ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই, ২০২২ লৈকে ৭ ছে:মি: বাৰ/১৪ ছে:মি: তকৈ কম পাহিৰ বৰজাল, মহাজাল, ফাঁচিজাল বা অন্য যিকোনো জাল মাছৰ প্ৰজনন ঋতুৰ সময়ত ঘোষিত মীন মহল বা জলাশয়ত ব্যৱহাৰ কৰা নিষেধ।

লগতে ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই, ২০২২ লৈকে মাছৰ প্ৰজনন ঋতুৰ হোৱা হেতুকে ৰৌ, বাহু, মিৰিকা, মালি, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া আৰু কুঢ়ি প্ৰজাতিৰ কণী বা শুক্ৰ থকা গাভিনী মাছ ঘোষিত মীন মহল বা জলাশয়ত ধৰিব বা মাৰিব নোৱাৰিব।

তদুপৰি, ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই, ২০২২ লৈ কোনো নদী, ডোবা, বিল বা মীন মহলত ৭ বৰ্গ ছে:মি: তকৈ সৰু ফাঁকৰ “অস্থাৱৰ বানা” (বাঁহেৰে তৈৰাৰী মাছ ধৰা সঁ‌জুলি) মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

এই নিষেধাজ্ঞা সমগ্ৰ জিলাখনতে তৎকালে বলৱৎ হোৱাৰ লগতে পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব। এই আদেশ ভংগ কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

 

 

 

 

 

 

 

 

 

 

 

Exit mobile version