Site icon Guwahati Times

নুনমাটি থানালৈ নিয়া হৈছে বন্দনা কলিতাক!

গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ খলনায়িকা বন্দনা কলিতা এতিয়া আৰক্ষীৰ জিম্মাত। আজি পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা বন্দনাক লৈ যোৱা হৈছে নুনমাটিলৈ। নুনমাটি থানাত জেৰা চলোৱাৰ বাবে লৈ গৈছে বন্দনাক। ধনটি আৰু অৰূপৰ সৈতে একেলগে জেৰা কৰা হ’ব বন্দনাক। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই চলাব জেৰা।

উল্লেখযোগ্য যে সম্পত্তিৰ লালসাত স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতাই। অৰূপ আৰু ধনটিৰ সহযোগত হত্যা কৰি মেঘালয়ত পেলাই আহিছিল মৃতদেহ। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মুণ্ডহীন মৃতদেহ।

বন্দনাৰ স্বামী অমৰজ্যোতি দে’ৰ দেহৰ কিছু অংশও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই লোমহৰ্ষক ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version