অসম চৰকাৰলৈ বন্ধনৰ ১০০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান

1 min read
সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰক যৎকিঞ্চিৎ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে বন্ধনে ১০০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰে৷
ক’ভিড-১৯ৰ জটিলতাৰ লগতে অক্সিজেনৰ নাটনিৰে মোকাবিলা কৰিবৰ বাবে প্ৰদান কৰা প্ৰতিটো ১০ লিটাৰ ক্ষমতাযুক্ত অক্সিজেন কনচেনট্ৰেটৰে একেসময়তে দুগৰাকীকৈ ৰোগীক অক্সিজেন যোগান ধৰিব পাৰিব৷
বন্ধন গুৱাহাটী লাৰ্ণিং চেন্টাৰৰ ইনচাৰ্জ ৰমেন গোপাল বৰা আৰু টেৰিটৰী মেনেজাৰ উৎপল তালুকদাৰে বন্ধনৰ তৰফৰ পৰা আগবঢ়োৱা অক্সিজেন কনচেনট্ৰেটৰকেইটা অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ হৈ ৰাজীৱ ভূঞাই গ্ৰহণ কৰে৷
আনহাতে, কৰ’না মহামাৰীৰ ভয়াৱহতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বন্ধনে ইয়াৰ সহযোগী সংস্থা বন্ধন কন্নগৰৰ যোগেদি গাঁও অঞ্চলত মাইকযোগে ৰাইজক মহামাৰীৰ ক্ষেত্ৰত ল’বলগা সাৱধানতা সন্দৰ্ভত অৱগত কৰায়৷
তদুপৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ লোকসকলকো কৰ’না মহামাৰীৰ ভয়াৱহতালৈ চাই বন্ধনৰ তৰফৰ পৰা গুৱাহাটীত থকা অসমৰ সংবাদ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়লৈ গৈ সাংবাদিক আৰু সংবাদকৰ্মীসকলক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয়৷

You May Also Like

More From Author