Site icon Guwahati Times

স্নান কৰি শৰীৰত টাৱেল মেৰিয়াই লোৱাটো হ’ব পাৰে বিপদজনক!

শৰীৰটো পৰিষ্কাৰ কৰি ৰখাৰ বাবে দৈনিক স্নান কৰাটো অতি গুৰুত্বপূৰ্ণ, ই মানুহক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি তোলে লগতে সতেজ অনুভৱ হয়। স্নান কৰাৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্রী হৈছে টাৱেল, যাক মানুহে বাথৰুমত স্নান কৰোতে লগত ৰাখে আৰু স্নান কৰি উঠি পিন্ধি ওলাই আহে। ইয়াক চুলি আৰু শৰীৰ মচিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু কমসংখ্যক লোকেহে জানে যে স্নান কৰি উঠি শৰীৰত টাৱেল মেৰিয়াই ৰখাটো বিপদজনক হ’ব পাৰে।

যদি স্নান কৰি উঠি টাৱেলৰ সঠিকভাৱে ব্যৱহাৰ নহয় তেনেহ’লে স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। বহুতো গৱেষণাত প্ৰমাণিত হৈছে যে গা ধোৱাৰ পিছত শৰীৰ বা চুলিত টাৱেল মেৰিয়াই ৰখাটো অলপ বিপদজনক হ’ব, কিয়নো ইয়াত যথেষ্ট বিপদজনক বেক্টেৰিয়া থাকিব পাৰে।

সাধাৰণতে, মানুহে টাৱেল ব্যৱহাৰ কৰাত অৱহেলা কৰে, কিয়নো সেইবোৰ আন কাপোৰৰ দৰে বাৰে বাৰে ধোৱা নহয়, যাৰ ফলত ইয়াত বীজাণুৱে বাহ লয়, যি বহুতো ৰোগ বিয়পায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ইয়াৰ ফলত ডায়েৰিয়া আৰু খাদ্যৰ বিষক্ৰিয়াৰ দৰে ৰোগ হ’ব পাৰে। যেতিয়াই মানুহে পুৱা স্নান কৰে শৰীৰটো মচি উঠাৰ পিছত টাৱেলখন তিতি থাকে আৰু ইয়াত দীঘলীয়া সময়ৰ বাবে আৰ্দ্ৰতা থাকে, যি বেক্টেৰিয়া বৃদ্ধি হোৱাৰ বাবে এক অতি অনুকূল পৰিৱেশ। আকৌ পিছত যেতিয়া একেখন টাৱেল পুনৰ ব্যৱহাৰ কৰা হয়, তেতিয়া তাত থকা বীজাণুবোৰ শৰীৰত প্ৰৱেশ কৰি ৰোগ বিয়পাব পাৰে।

টাৱেলৰ জৰিয়তে বিয়পি পৰা ৰোগৰ পৰা বাচি থাকিবলৈ সপ্তাহত এবাৰ ডিটাৰ্জেণ্টেৰে টাৱেল ধুব লাগে, যাৰ ফলত বিপদজনক বেক্টেৰিয়া ধ্বংস হৈ পৰিব। ইয়াৰ বাহিৰেও, যেতিয়াই স্নান কৰাৰ পিছত টাৱেলেৰে শৰীৰটো মচি উঠে, তাৰ পিছত লগে লগে টাৱেলখন ৰ’দত শুকাবলৈ দিব লাগে, এনে কৰাৰ ফলত টাৱেলত আৰ্দ্ৰতা নাথাকিব আৰু বীজাণু সৃষ্টি নহ’ব।

Exit mobile version