Site icon Guwahati Times

খাদ্য প্ৰস্তুত কৰোতে কিয় ব্যৱহাৰ কৰা হয় তেজপাত

খাদ্য প্রস্তুত কৰােতে বিশেষ উপাদান ব্যৱহাৰ কৰা হয় সেইবােৰৰ ভিতৰত অন্যতম হ’ল তেজপাত। সাধাৰণতে ভাৰতীয় খাদ্যসম্ভাৰ প্ৰস্তুত কৰােতে তেজপাত ব্যৱহাৰ কৰা হয়।

ইয়াক সুগন্ধিৰূপে খাদ্য প্রস্তুতৰ সময়ত ব্যৱহাৰ কৰে। অৱশ্যে তেজপাতত যিবােৰ উপাদান থাকে সেইবােৰে ৰােগ প্ৰতিৰােধ আৰু উপশমৰ ক্ষেত্ৰতাে ভূমিকা গ্রহণ কৰা দেখা যায়।

ইয়াত ভিটামিন ‘চি’ৰ উপৰি খনিজ পদার্থ, ফলিক এচিড আদিও উপলব্ধ। এই বিষয়ে কিন্তু প্রায়ভাগ ব্যৱহাৰকাৰীয়ে জ্ঞাত নহয়।নিয়মীয়াকৈ তেজপাত খাদ্য প্রস্তুত কৰােতে ব্যৱহাৰ কৰিলে উপদানে শৰীৰৰ যি উপকাৰ সাধন কৰে সেইবােৰ উল্লেখ কৰা হ’ল।

*সাধাৰণতে তেজপাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ফলত কিডনী বা বৃক্কই কার্য সম্পাদন কৰাত সহায় হয়। অর্থাৎ কিডনীয়ে দৈনন্দিন কার্য স্বাভাৱিকভাৱে সম্পাদন কৰাত ইয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।

*মাইগ্রেণ, বাতবিষ আদিৰ পৰা উপশম লাভৰ ক্ষেত্ৰতাে তেজপাতে সহায় কৰে। শৰীৰৰ কোনাে অংশ যদি ফুলি উঠে তেতিয়াহ’লে তেজপাতৰ তেলেৰে মালিচ কৰিলেও সুফল পােৱা যায়।

Exit mobile version