Site icon Guwahati Times

বিহালী গাংমৌথান গাওঁৰক্ষী বাহিনীৰ উদ্যোগত বাহবাঁৰী প্ৰাথমিক বিদ্যালয়ত বণ্যপ্ৰাণী সুৰক্ষাৰ সজাগতা সভা ।

আজি বিহালী গাংমৌথান গাওঁৰক্ষী বাহিনীৰ উদ্যোগত বাহবাঁৰী গাওঁবাসীৰ সহযোগত বাহবাঁৰী প্ৰাথমিক বিদ্যালয়ত বানপানীৰ সময়ত বণ্যপ্ৰাণী সমূহ কিদৰে সুৰক্ষাৰ দিব লাগে তাৰ উপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।সভাত সভাপতিত্ব কৰে সেই অঞ্চলৰে জ্যেষ্ঠ ব্যক্তি চিত্ৰ দাসে। উদ্দেশ্য ব্যাখ্যা কৰে গাওঁৰক্ষী বাহিনীৰ সম্পাদকে,এই সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায় বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণী ৰায়, বিহালী আৰক্ষী থানাৰ এচ আই চিৰঞ্জীৱ দলে,যোগেশ ভৰালী , পৰীক্ষিত কাফ্লে কে আদি কৰি ৰাইজৰ ফালৰ পৰা কুষেশ্বৰ দাস আৰু পবিত্ৰ ভুঞাই ।বহুত কেইজন ৰাইজে অসুবিধা সমূহ উল্লেখ কৰি কয় যে কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা বিভিন্ন সময়ত হাতী , বাঘ,বন গাহৰি কে আদি কৰি বিভিন্ন ধৰণৰ জীৱ জন্তু আহি খেতি পথাৰ , ঘৰৰ, গৰু ছাগলীকে আদি কৰি বহুখিনি ক্ষতি সাধন কৰে , তেনে ক্ষেত্ৰত বন বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজে প্ৰশ্ন কৰে বৰগাং বনাঞ্চলিক বিষয়াক । ৰাইজৰ প্ৰশ্নৰ উত্তৰ বিষয়া গৰাকীয়ে কয় যে , এই সমস্যা এতিয়াৰ নহয় ।এই সমস্যা স্থায়ী সমাধান বিভাগৰ হাত নাই ।আমি আপোনালোকক কিছুমান উপাই দিব পাৰিম এই উপাই গ্ৰহণ কৰি কিছু পৰিমাণে এই সমস্যা সমূহৰ সামাধান লাভ কৰিব ।আমি যিমান পাৰোঁ ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰোঁ । যদিও আমাৰ কাৰ্য্যালয়ত বনকৰ্মী সিমিত । বানপানী সময়ত অহা জীৱ জন্তু সৈতে কেনেদৰে সহবাস কৰিব লাগে আৰু কেনেদৰে জীৱ জন্তু সুৰক্ষা প্ৰদান কৰিব লাগে সেই বিষয়ে উল্লেখ আলোচনা কৰে । বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Exit mobile version