Site icon Guwahati Times

২সপ্তাহ ধৰি বিদ্যূৎ সংযোগ কৰ্তন কৰাত ৰাইজৰ তীব্ৰ প্ৰতিবাদ!

-বিহালীত বিদ্যুৎ বিভাগৰ কৰ্তন কৰাত ৰাইজৰ তীব্ৰ প্ৰতিবাদ
-বিহালী চাহ বাগিচাৰ ১আৰু ১০ নম্বৰ লাইনত বিগত ২সপ্তাহ ধৰি বিদ্যূৎ সংযোগ কৰ্তন কৰাত, আজি বিহালী খেল পথাৰত ভুক্ত ভোগীৰ তীব্ৰ প্ৰতিবাদ

বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী চাহ বাগিচাৰ ১ নম্বৰ আৰু ১০ লাইনত বিগত ২সপ্তাহ ধৰি বিদ্যূৎ সংযোগ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে । আজি বিহালী চাহ বাগিচাৰ খেল পথাৰত শতাধিক পুৰুষ মহিলা উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।আমাক বিদ্যুৎ লাগিবই, বিদ্যূৎ বিভাগ হায় হায় আদি শ্লগানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বিগত ডেৰ দুই বছৰ ধৰি বিদ্যুৎ বিভাগে বিল দিয়া নাই , জাননী নিদিয়াকৈ বিদ্যূৎ সংযোগ কৰ্টন কৰাত ছাত্ৰ ছাত্ৰীৰ পঢ়াত বিসংগতি হৈছে গেলা গৰমত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে সেই বাবে আজি দুয়োখন গাৱঁৰ শতাধিক ৰাইজ উলাই আহি বিহালী চাহ বাগিচাৰ খেল পথাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ হাতত ভুক্ত ভোগী ৰাইজৰ প্ৰতিক্ৰিয়া আছে আগবঢ়াইছোঁ। বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Exit mobile version