Site icon Guwahati Times

বেলতলাৰ জামে মছজিদত অচিনাকি যুৱকৰ দল, পৰিচয় সোধাত পলোৱাৰ চেষ্টা

বেলতলাৰ জামে মছজিদত কালি নিশা সৃষ্টি হয় এক উত্তেজনা। এটা ১৫ জনীয়া দলে মছজিদত নামাজ পঢ়াৰ সময়ত প্ৰৱেশ কৰি নামাজত অংশ লয়। কিন্তু নামাজ পঢ়াৰ নীতি-নিয়মৰ বিসংগতি দেখি আন নামাজ পঢ়া লোকসকলৰ সন্দেহ হোৱাত তেওঁলোকৰ পৰিচয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

এনে সময়তে তেওঁলোকে অন্তৰ্ধান হ’বলৈ চেষ্টা কৰে যদিও ৯জন লোকক কৰায়ত্ত কৰে লোকসকলে। নিশাই ঘটনা সন্দৰ্ভত ৯জন লোকক স্থানীয় বশিষ্ঠ আৰক্ষী থানাত গতাই দিয়া হয়।

স্থানীয় লোকৰ ভাষ্য মতে, যুৱককেইগৰাকীয়ে তিনিচুকীয়াৰ পৰা ফুৰিবলৈ অহা বুলি কৈ নামাজৰ সময় হোৱাত নামাজ পঢ়াৰ ইচ্ছা প্ৰকাশ কৰাত ৰাইজে সন্মতি দিয়ে যদিও নামাজ পঢ়াৰ বিসংগতি ধৰা পৰে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কি পালে সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই যদিও ঘটনাটোৱে এক অশুভ ইংগিত বহন কৰা বুলি চৰ্চা হৈছে ৰাইজৰ মাজত।

Exit mobile version