Site icon Guwahati Times

নগাঁৱৰ পুৰণিগুদামত সাউদ ভোলানাথ বৰুৱা মৃত্যু শতবাৰ্ষিকী উদযাপন

নিউজ ব্যুৰ’,নগাঁও,১জুন: “পুৰণিগুদাম নগাঁৱৰ এখনি ঐতিহাসিক ঠাই ৷ য’ত দানবীৰ সাউদ ভোলানাথ বৰুৱাৰ দৰে লোকৰ জন্ম হৈছিল ৷ যিগৰাকী ব্যক্তিৰ লগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা একেলগে থাকি অসমীয়া ভাষা-সাহিত্যৰ উন্নতি হকে কাম কৰিছিল ৷”—এই মন্তব্য বিশিষ্ট সাহিত্যিক, সমালোচক ময়ূৰ বৰাৰ ৷ কালি সাউদ ভোলানাথ বৰুৱা মৃত্যু শতবাৰ্ষিকী উপলক্ষে নগাঁও জিলাৰ পুৰণিগুদামৰ মিকিৰহাট বৰুৱাচুকস্থিত সাউদ ভোলানাথ বৰুৱা আদৰ্শ বিদ্যালয়ত “সাউদ ভোলানাথ বৰুৱাৰ অৱদান” শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত আলোচনা চক্ৰত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চিন্তাবিদ গৰাকীয়ে প্ৰসঙ্গ ক্ৰমে কয় যে অসমীয়া মানুহ আৰু কটনৰ মানুহ একেখনেই ৷ কটনে মানুহক গণতান্ত্ৰিক চিন্তা-চেতনা দিয়ে ৷ অসমীয়া মধ্যবিত্ত মানুহৰ দুৰ্বলতা বা বিসংগতি আছে বাবেই জীৱিত কালত তেওঁলোকে বহুতক প্ৰশংসা,সম্বৰ্দ্ধনা বা যোগ্য প্ৰাপ্তি দিয়াৰ ক্ষেত্ৰত কৃপণালি কৰে ৷ সাউদ ভোলানাথ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সদস্য ৰবীন্দ্ৰনাথ দত্তৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত পৰ্য্যালোচক হিচাপে উপস্থিত থাকি অধ্যাপক তথা সাউদ ভোলানাথ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক ইছমাইল হুছেইনে কয় যে মই ব্যক্তিগত ভাৱে মাৰ্ক্সবাদী ভাবাদৰ্শৰ লোক ৷ কৃষক,শ্ৰমিক,বনুৱা,হজুৱাৰ হকে কাম কৰি আৰু মাত মাতি ভাল পাওঁ ৷ এটা জাতিৰ আৰ্থ- সামাজিক দিশত আগুৱাই নিবলৈ ব্যৱসায় বাণিজ্যৰ প্ৰয়োজন। যি কাম সাউদ ভোলানাথ বৰুৱাই কৰিছিল ৷ বিশিষ্ট সাহিত্যিক গৰাকীয়ে নিজৰ ভাষণত লগতে কয় যে সাউদ ভোলানাথ বৰুৱাৰ বিষয়ে আৰু গৱেষণাৰ প্ৰয়োজন আছে । ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে সাউদ ভোলানাথ বৰুৱাৰ দৰে এজন দানবীৰ নামত পুৰণিগুদামত থকা একমাত্ৰ বিদ্যালয়খন যাতে কোনো বিদ্যালয়ৰ লগত চামিল নহয় তাৰ বাবে চৰকাৰক পদক্ষেপ ল’বলৈ আহ্বান জনায় । উদযাপন সমিতিৰ সম্পাদক চিত্তৰঞ্জন বৰাই আঁত ধৰা সভাত পুৰণিগুদামৰ বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ ফনীন্দ্ৰ নাথ গায়ন আৰু যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে সাউদ ভোলানাথ বৰুৱাৰ শিশুৰ পৰা মৃত্যুৰ সময়লৈকে কৰা কাম-কাজৰ ওপৰত আলোকপাত কৰে।সভাত সাউদ ভোলানাথ বৰুৱাৰ নাতি শশীকান্ত বৰুৱা,দুলাল বৰুৱা আৰু কৃষ্ণ কান্ত বৰুৱা উপস্থিত থাকে। বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী মূৰ্চনা নন্দিতা বৰাই চন্দ্ৰাৱলী নৃত্য প্ৰদৰ্শন কৰাৰ লগতে প্ৰণতি গোস্বামীয়ে বৰগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । সভাত বিশিষ্ট অতিথিসকলৰ উপৰিও সাউদ ভোলানাথ বৰুৱাৰ পৰিয়ালৰ সদস্যসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।সভাৰ আৰম্ভণিতে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পুলিন হাজৰিকাই,দুলাল বৰুৱাই স্মৃতি তৰ্পণ আৰু ৯-৩০ বজাত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে পুৰণিগুদামৰ সমাজকৰ্মী কৃষ্ণ গোস্বামীয়ে । সভাৰ আৰম্ভণিৰ পূৰ্বে পুৰণিগুদামৰ সাউদ ভোলানাথ বৰুৱা জন্ম গৃহৰ পৰা সভাস্থলীলৈ এক শোভাযাত্ৰা কৰা হয়। সভাৰ শেষত বিয়লি ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰা কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী কবিতা শইকীয়াই ।উল্লেখ্য যে যোৱা কালি দিনযোৰাকৈ অনুষ্ঠিত সাউদ ভোলানাথ বৰুৱাৰ মৃত্যু শতবৰ্ষিকী পুৰণিগুদামবাসীয়ে বিশেষভাৱে সহযোগিতা আগবঢ়ায় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version