Site icon Guwahati Times

লণ্ডনত প্ৰবাসী অসমীয়াৰ উদ্যোগত ৰঙালী বিহু

লণ্ডনৰ ইলফ’ৰ্ডত প্ৰবাসী অসমীয়াসকলে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰে ৰঙালী বিহু। বিতিকা শইকীয়া আৰু গীতা কক্সে আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ব্ৰিটেইনৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়াসকলে। বিহুৰ বতৰত সকলোৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আৱেগিক হৈ পৰে। সমান্তৰালভাৱে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে শিল্পীসকলে। উল্লেখ্য যে বিহুৰ অনুষ্ঠানৰ লগতে বিভিন্ন অসমীয়া লোকনৃত্য আৰু নৃত্যনাটিকাৰ প্ৰশিক্ষণো দিয়া হয়। স্বাভাৱিকতে অসমীয়াৰ শিপা ধৰি ৰখাৰ এয়া অনন্য প্ৰয়াস। অনুষ্ঠান মুকলি কৰি আফিফা ফটেমীয়ে কয় যে, “বিহুৰ অনুষ্ঠান আয়োজনেৰে আমি প্ৰবাসী অসমীয়াসকলক জাতীয় চেতনাৰ প্ৰতি উদ্বুদ্ধ কৰাৰ চেষ্টা কৰিছোঁ। লগতে বিশ্বৰ দৰবাৰলৈ অসমীয়া সংস্কৃতিক আগুৱাই নিয়াৰো ই এক অনিৰুদ্ধ প্ৰয়াস।” বিতিকা শইকীয়াই কয় যে এয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া কলা আৰু সংস্কৃতিৰ প্ৰাচুৰ্য্যক চিনাকি কৰি দিয়াৰ প্ৰয়াস। উল্লেখ্য যে বিতিকা শইকীয়া এগৰাকী লণ্ডনস্থিত প্ৰবাসী অসমীয়া অৱসৰপ্ৰাপ্ত চিকিৎসক তথা স্থানীয় বেচৰকাৰী প্ৰতিষ্ঠানৰ সক্ৰিয় সদস্য। গীতা কক্স NEICCUK নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক তথা সাংস্কৃতিক সম্পাদিকা।
Exit mobile version