Site icon Guwahati Times

বিলাসীপাৰা খোৰাঘাট শোকাবহ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত

নুৰ ইছলাম মণ্ডল:

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খোৰাঘাট দলংৰ কাষত ৰবিবাৰে সন্ধিয়া 5.00 বজাত এক পথ দূৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে বাইক চালক জনক তীব্ৰ বেগী মালবাহী টাটা ম’বাইল গাড়ী এখনে মহতিয়াই নিয়াৰ ফলত যুৱক জনৰ থিতাতে মৃত্যু হয়।

মৃত্যু হোৱা যুৱক জনৰ নাম মমিনূৰ হক ( ৩২)। হকৰ ঘৰ বিলাসীপাৰাৰ ডেমডেমাৰ বুলি জানিব পৰা গৈছে।

তীব্ৰ বেগী মালবাহী টাটা মোৱাইল গাড়ীখন খুন্দা মাৰি ঘটনা স্থথলিৰ পৰা পলায়ন কৰে।

পিছত মৃত যুৱক জনক বিলাসীপাৰা আৰক্ষীয়ে থানালৈ লৈ আহে ।

Exit mobile version