Site icon Guwahati Times

বাইক চুৰি কৰিব গৈ ঔকিল পৰিল চোৰৰ; চোৰ কেইটা ক্ৰমে আকাশ দাস পল্লৱজ্যোতি শৰ্মা আৰু ৰচিবুদ্দিন চৌধুৰী

কামপুৰ থানাৰ অন্তৰ্গত ঘিলানীত শণিবাৰে ৰাইজে তিনিটাকৈ বাইক চোৰক আটক কৰে। ৰাইজে আটক কৰা বাইক চোৰ কেইটা ক্ৰমে ৰচিবুদ্দিন চৌধুৰী, আকাশ দাস আৰু পল্লৱজ্যোতি শৰ্মা।

ৰাইজে চোৰ কেইটাৰ পৰা এখন বাইক আৰু এখন চাইকেলও জব্দ কৰে। প্ৰাপ্ত বাতৰি মতে, শণিবাৰে পুৱাৰ ভাগত তিনিওটা চোৰে সন্দেহজনক ভাৱে ঘুৰি ফুৰা দেখি ৰাইজে সোধা-পোছা কৰাত বাইক চুৰিৰ ঘটনা পোহৰলৈ আহে। ৰাইজে চোৰ তিনিটাক লপা-থপা দিয়াৰ লগতে আঠু কঢ়াই শাস্তি প্ৰদান কৰে।

পিছত ঘটনাৰ খবৰ পাই কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনিওকে আটক কৰি থানালৈ নিয়ে। উল্লেখ্য যে, ৰচিবুদ্দিন চৌধুৰীৰ ঘৰ ঘিলানীত আৰু বাকী দুজনৰ ঘৰ ৰহাৰ গছপাৰাত বুলি জানিব পৰা গৈছে। আনহাতে কিছুদিনৰ পৰা কামপুৰত বিভিন্ন চুৰি কাৰ্য সংঘটিত হৈ থকা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে।

Exit mobile version