Site icon Guwahati Times

৫৯ পইচা কম হৈছে, বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত বাঢ়িব লাগিছিল ২টকাৰো অধিক, মন্ত্ৰী বিমল বৰা অসন্তুষ্ট!

অসম চৰকাৰৰ বিত্ত বিভাগে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ ফলত স্বাভাৱিকতে অসন্তুষ্ট ৰাজ্যৰ সাধাৰণ জনতা। পিছে এই সন্দৰ্ভত শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া জানিব খোজাত, মন্ত্ৰীগৰাকীয়ে সাংবাদিক আগত দিলে অদ্ভুত যুক্তি। মন্ত্ৰী বিমল বৰাৰ মতে ৫৯ পইচাৰ পৰিৱৰ্তে প্ৰতি ইউনিট বিদ্যুতৰ মাচুলত বাঢ়িব লাগিছিল ২ টকাৰো অধিক।

বুধবাৰে উন্নয়নৰ খতিয়ান ল’বলৈ নৱ গঠিত বজালী জিলাত উপস্থিত হয় অভিভাৱক মন্ত্ৰী বিমল বৰা। আৰু তাৰ পিছতে বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত এনেদৰে তুলুঙা মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে যুক্তি দিয়ে যে, কোৰোণাৰ বাবে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। আৰু এনেসময়ত ৫৯ পইচা নহয়, বাঢ়িব লাগিছিল প্ৰতি ইউনিটত ২টকা বা তাতকৈ অধিক।

Exit mobile version