23.6 C
Assam
Sunday, September 25, 2022

Featured News

নগাঁৱৰ জামুগুৰিত মংগলবাৰে শ্বহীদ মনবৰ নাথৰ ৮০ সংখ্যক স্মৃতি দিৱসৰ আয়োজন

Assamese Newsনগাঁৱৰ জামুগুৰিত মংগলবাৰে শ্বহীদ মনবৰ নাথৰ ৮০ সংখ্যক স্মৃতি দিৱসৰ আয়োজন

নিউজ ব্যুৰ’,নগাঁও,১৯ছেপ্টেম্বৰ:–১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ মনবৰ নাথৰ ওপজাভূমি নগাঁও জিলাৰ জামুগুৰিত ২০ ছেপ্টেম্বৰত (মঙলবাৰে) দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৮০ সংখ্যক স্মৃতি দিৱস ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ গুলীত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি থানাত প্ৰাণ আহুতি দিয়া স্বদেশ প্ৰেমৰ যুগমীয়া প্ৰতীক এইগৰাকী শ্বহীদৰ প্ৰতি সন্মান জনাই বিগত বছৰসমূহৰ দৰে চলিত বছৰতো আয়োজন কৰা হৈছে ।

জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ত অনুষ্ঠিতব্য কাৰ্যসূচী অনুসৰি পুৱা ৬বজাত উষা কীৰ্ত্তন, ৯-৩০বজাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ দ্বাৰা শ্বহীদ বেদী উন্মোচন,বন্তি প্ৰজ্জ্বলন, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছতে ছাত্ৰ-ছাত্ৰী মাজত ১০-৩০ বজাত চিত্ৰাংকণ আৰু শ্বহীদ মনবৰ নাথৰ বিষয়ক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ বিয়লি ১-৩০ বজাত অনুষ্ঠিতব্য মুকলি সভাত নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ সন্মানীয় আমন্ত্ৰিত অতিথি,জিলা আৰক্ষী অধীক্ষক লীনা দলে মুখ্য অতিথি,ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা নিৰ্দিষ্ট বক্তা আৰু ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰা বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব ৷

সভাখনি উদ্বোধন কৰিব ৰামধেনু যুগৰ বিশিষ্ট কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই ৷ সন্ধিয়া ৬বজাত শ্বহীদজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি গাঁৱৰ প্ৰতিঘৰ লোকৰ পদূলিত এগছিকৈ বন্তি প্ৰজ্বলনৰ লগতে নিশালৈ অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান । শ্বহীদ মনবৰ নাথৰ স্মৃতি দিৱসৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: