Site icon Guwahati Times

অত্যধিক ভোকত বিস্কুট খাই নেকি? তেন্তে সাৱধান

ক’ৰোনাৰ আতংকৰ বাবে ফুটপথ বা ৰাস্তাই ঘাটে মানুহে আহাৰ গ্ৰহণৰ পৰা বিৰত আছে। যাৰ বাবে বহুতেই বেগত পেকেট বিস্কুট বা কেক ৰাখে। ভোক লাগিলেই বেগৰ পৰা বিস্কুট খাই সাময়িকভাবে ভোক সামৰে। বহুতেই হয়টো এখন বিস্কুটেৰে মন নভৰাৰ বাবে বহুকেইখন বিস্কুট একেলগে মুখত ভৰায়। সকলোৱে ভাৱে ৰাস্তাৰ অস্বাস্থ্যকৰ খাদ্যতকৈ পেকেটৰ ভিতৰৰ সেই বিস্কুটকেইটা অতি নিৰাপদ। কিন্তু বিস্কুট খালে কি কি ক্ষতি হ’ব পাৰে, সেয়া জানিলে আচৰিত হৈ পৰিব আপুনি।

অতিৰিক্ত বিস্কুট খোৱাৰ ফলাফল হ’ব পাৰে মাৰাত্মক। সম্প্রতি আন্তর্জাতিক সংবাদ মাধ্যমত প্রকাশিত এক খবৰত প্ৰকাশ পাইছে, মাৰাত্মক ৰোগ হ’ব পাৰে অতিৰিক্ত বিস্কুট খালে।

 

অতিৰিক্ত বিস্কুট খালে এলার্জি হ’ব পাৰে। যাৰ গ্লুটন এলার্জি আছে, তেওঁলোকৰ হ’ব পাৰে একাধিক সমস্যা। বেছিভাগ বিস্কুটতেই থাকে প্রচুৰ পৰিমানৰ ময়দা। যাৰ বাবে বহুক্ষেত্রতে অর্শৰ সমস্যাও দেখা দিব পাৰে। বিস্কুটত অত্যধিক কেলৰি থাকে। থাকে চেনি আৰু ফেট। যি শৰীৰৰ পক্ষে মুঠেও ভাল নহয়। আনহাতে প্রতিদিনে পাঁচখনকৈ বিস্কুট বা কেক খালেও স্মৰণশক্তিৰ উপৰত বিৰূপ প্রভাব পৰে।

উল্লেখ্য যে বিস্কুট খালে কেৱল এনে সমস্যাই যে হয় তেনে নহয়। ডাইজেষ্টিভ জাতীয় বিস্কুটৰ বহু উপকাৰিতাও আছে। এই বিস্কুটে শৰীৰত বহু এনার্জি আনি দিয়ে। য’ত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে।

 

Exit mobile version