Site icon Guwahati Times

বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে জিলিকিছে বিশাল চাংমাই

 অসমবাসীৰ বাবে ক্ৰীড়াক্ষেত্ৰত আন এক সু-খবৰ ৷ বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগীতাত (World Youth Archery Championship) জিলিকিছে অসম সন্তান ৷ পোলেণ্ডৰ ৱৰক্লঅ’ত অনুষ্ঠিত হোৱা বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ মিলনপুৰৰ নিৱাসী বিশাল চাংমায়ে

বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে জিলিকিছে বিশাল চাংমাই

বিশাল চাংমাইৰ এই সাফল্যত আজি সমগ্ৰ ৰাজ্যবাসীৰ লগতে উৎফুল্লিত হৈ পৰিছে এতিয়া বোকাখাতবাসী ৷

বিশ্ব আৰ্চাৰী ফেডাৰেচন উদ্যোগত পোলেণ্ডৰ ৱৰক্লঅ’ত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিশাল চাংমায়ে কাজাকিস্তানৰ প্ৰতিদ্বন্দীৰ হাতত পৰাজয় বৰণ কৰি ব্ৰঞ্জ(Bronze )ৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ বিশাল চাংমায়ে প্ৰতিনিধিত্ব কৰা ভাৰতীয় পুৰুষৰ দলটোৱে ফ্ৰান্সক পৰাভূত কৰি স্বৰ্ণ(Gold) জয় কৰে ৷ ইয়াৰ বিপৰীতে মিক্স ডাবলচত বিশাল চাংমাই আৰু হাৰিয়ানা তামান্নাৰ যুটিয়ে এই প্ৰতিযোগিতাত জাপানক পৰাভূত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, বোকাখাতৰ মিলনপুৰ নিৱাসী শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ কনিষ্ঠ পুত্ৰ বিশাল চাংমাই বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় ছাত্ৰ ৷ বিশাল চাংমায়ে সম্প্ৰতি পুনেৰ মিলিটেৰী স্পৰ্টচ একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷

Exit mobile version