Site icon Guwahati Times

বিহালীত দিন দিনে বাঢ়িবলৈ ধৰিলে বনৰীয়া হাতীৰ সন্ত্ৰাস

যোৱা এসপ্তাহৰ ধৰি বিহালীত বনৰীয়া হাতীৰ সন্ত্ৰাস,দিনৰ ভাগত ব্ৰহ্মপুত্ৰ নদীত পাৰ থাকি ৰাতি হ’লে জনাঞ্চলত প্ৰৱেশ কৰে

এতিয়া ৰাজ্যত হাতী মানুহৰ সংঘাট। যোৱা এসপ্তাহৰ ধৰি বন্যহস্তিৰ সন্ত্ৰাসত খেতিয়ক ৰাইজৰ সপোন ভাঙি তচ-নচ কৰিছে। বিহালীৰ বিভিন্ন পথাৰত কৃষকৰ পেলোৱা কঠীয়া খাই মুহাৰি বিস্তৰ ক্ষতি সাধন কৰিলে।এই ৪০পৰা ৫০ জনীয়া বনৰীয়া হাতীৰ জাকে দিনত কাজিৰঙা ষষ্ঠ সংযোজনৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থাকি সন্ধিয়া হলেই এইদৰে জনাঞ্চলৰ পথাৰত প্ৰৱেশ কৰি সন্ত্ৰাস চলায় যায়। আজি বৰগাং বনাঞ্চলিক বিষয়াৰ নেতৃত্বত ভুক্ত ভোগী খেতিয়কৰ ঘৰে ঘৰে গৈ ক্ষতি পুৰণৰৰ্থে আবেদন পত্ৰ প্ৰদান কৰে ,কিন্তু ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি ক্ষতি পুৰণৰ ক্ষেত্ৰত উদ্ধৰ্তম কৰ্তৃপক্ষক অবগত কৰিব বুলি জানিবলৈ দিছে।

বিশ্বনাথৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Exit mobile version