Site icon Guwahati Times

আন্তর্জাতিক পুৰুষ দিৱস উদযাপনৰ দাবী বিজেপি সাংসদৰ

বিশ্বজুৰি আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰি থকাৰ সময়তে ভাৰতত সংসদত কেইবাগৰাকীও সাংসদ নাৰীৰ ৩৩ শতাংশ আসন সংৰক্ষণৰ বিষয়টোক লৈ সৰৱ হোৱা দেখা গ’ল৷

ইফালে আন্তর্জাতিক নাৰী দিৱসৰ দৰে আন্তর্জাতিক পুৰুষ দিৱস পালন কৰাৰ দাবী উত্থাপন কৰে বিজেপিৰ সাংসদ সোনাল মানসিঙে৷ এগৰাকী ধ্রুপদী নৃত্য পটীয়সী তথা বিজেপিৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে উল্লেখ কৰে যে মহিলাসকলৰ দৰে পুৰুষসকলৰ আন্তর্জাতিক দিৱসো উদ্যাপন কৰা উচিত৷

লক্ষণীয়ভাৱে ১৯ নৱেম্বৰৰ দিনটো আন্তর্জাতিক পুৰুষ দিৱস হিচাপে পালন কৰা হয় যদিও নাৰী দিৱসৰ দৰে ই গুৰুত্ব লাভ কৰা নাই৷ গতিকে সোনাল মানসিঙে সমতাৰ বিষয়টোক গুৰুত্ব দি আন্তর্জাতিক পুৰুষ দিৱস পালন কৰাৰ দাবী উত্থাপন কৰে৷ লগে লগে মানসিঙৰ বক্তব্যক লৈ হাঁহিৰ খলকনি উঠে ৰাজ্যসভাত৷
Source- Niyomiyabarta

Exit mobile version