অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব বিজেপিয়েঃ মুখ্যমন্ত্রী

1 min read

আগন্তুক বিধানসভা নির্বাচনত পুনৰ বিজেপিৰ শ্লোগান হ’ব জাতিৰ সুৰক্ষা৷ বুধবাৰে এই কথা দোহাৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রীয়ে কয় যে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কেৱল বিজেপিহে কৰিব পাৰিব৷ এই লক্ষ্যৰে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰি চৰকাৰে খিলঞ্জীয়া ভূমিপুত্রক মাটিৰ অধিকাৰ প্রদান কৰি জাতি–মাটি–ভেটি সুদৃঢ় কৰি তুলিছে৷ মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা সামাজিক মাধ্যম বিভাগৰ কর্মশালাত উপস্থিত থাকি মুখ্যমন্ত্রী সোণোৱালে কয়– বিভিন্ন জনগোষ্ঠী তথা ভিন্ন সংস্কৃতিৰে সমৃদ্ধিশালী অসমীয়া সমাজৰ উন্নয়ন সাধনেই বিজেপিৰ একমাত্র লক্ষ্য৷ আমাৰ অসম, আমাৰ লক্ষ্য, আমাৰ অধিকাৰ –এই নীতিক কেন্দ্র কৰিয়েই ২০১৬ চনৰ পৰা চৰকাৰখনে অবিৰতভাৱে কাম কৰি আহিছে৷ ইয়াৰ বিপৰীতে পূর্বৰ চৰকাৰসমূহে খিলঞ্জীয়া ভূমিপুত্রসকলক ভূমিৰ অধিকাৰ প্রদান কৰা দূৰৈৰ কথা, তেওঁলোকৰ সুৰক্ষাৰ বাবে কোনো পদক্ষেপেই গ্রহণ নকৰিলে৷ এই চৰকাৰে ১ লাখ ১০ হাজাৰ ভূমিপুত্রক মাটিৰ পট্টা প্রদান কৰিছে৷ অসম চুক্তিৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– অসম চুক্তি ৰূপায়ণৰ ক্ষেত্রত বিজেপি চৰকাৰে সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ অসম চুক্তিমর্মে জন্মলাভ কৰা নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা আছিল ৩ নিযুত মেট্রিকটন৷ কিন্তু কংগ্রেছ চৰকাৰৰ দিনত এই শোধনাগাৰটো বন্ধ হৈ যোৱাৰ উপক্রম হৈছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ তৎপৰতাত শোধনাগাৰটোৰ উৎপাদন ক্ষমতা ৯ নিযুত মেট্রিকটনলৈ বৃদ্ধি কৰা হ’ল৷ একেদৰে বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা আছিল ২.৫ নিযুত মেট্রিকটন৷ পূর্বৰ চৰকাৰৰ দিনত সেই শোধনাগাৰটো বন্ধ হৈ যোৱাৰ দিশে আগবাঢ়িছিল৷ কিন্তু কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ এই শোধনাগাৰটোৰ উৎপাদন ক্ষমতা ৫ নিযুত মেট্রিকটনলৈ বৃদ্ধি কৰিলে৷ এসময়ত আমদানি কৰা তেলেৰে চলি থকা অসমৰ শোধনাগাৰলৈ এতিয়া বাৰাউনীৰ পৰা পাইপেৰে তেল আহে৷ এয়া সম্ভৱ হৈছে অসমৰ প্রতি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ থকা দায়িত্ব আৰু মৰমৰ বাবে৷ ২০১৪ চনৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ সকলো জনগোষ্ঠীক ঐক্যবদ্ধ কৰি ৰখাৰ বাবে সবকা সাথ সবকা বিকাশ নীতিৰে কাম কৰি আহিছে৷ ৰাজ্যখনৰ কোনো ভাষা–ভাষী, জাতি–জনগোষ্ঠীৰ লোকে ক’ব নোৱাৰে যে প্রাপ্য অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈছে৷ আগন্তুক বিধানসভা নির্বাচনলৈ দলীয় কার্যকর্তাক সাজু হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়– বিহাৰ বিধানসভাৰ নির্বাচনৰ ফলাফলে প্রতিগৰাকী দলীয় কার্যকর্তাক উৎসাহিত কৰাৰ লগতে দায়িত্বও বঢ়াই তুলিছে৷ অহা মার্চ–এপ্রিল মাহত অসমত নির্বাচন অনুষ্ঠিত হ’ব৷ গতিকে প্রতিগৰাকী কর্মকর্তাৰ দায়িত্ব হ’ব অধিক৷ তথ্য অবিহনে জনসাধাৰণক আস্থাত লোৱাটো সম্ভৱ নহয়৷ সেয়েহে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ প্রতিটো কাম–কাজৰ সূক্ষ্ম অধ্যয়ন কৰি সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাব লাগিব৷ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই সভ্যতাৰ যুঁজৰ প্রসংগ উত্থাপন কৰি কয়– ৰাজ্যখনক গোপীনাথ বৰদলৈয়ে যি স্থানত প্রতিষ্ঠিত কৰিছিল, সেইখন অসমৰ ভৱিষ্যৎ কেতিয়াও আজমলৰ হাতলৈ এৰি দিয়া নহ’ব৷ একাংশ নেতা তথা জ্যেষ্ঠ সাংবাদিকে শেহতীয়াকৈ আজমলৰ বন্দনাত নামি পৰা কার্যক লৈ আশ্চর্য বোধ কৰি ড০ শর্মাই এই ঘটনা জাতিটোৰ বাবে দুর্ভাগ্যজনক বুলি কয়৷ শেহতীয়াকৈ আজমলৰ সমর্থকে পাকিস্তান জিন্দাবাদ দিয়া ধ্বনি বিতর্কৰ বাবে কংগ্রেছে তেওঁৰ বিৰুদ্ধে গোচৰ তৰা বিষয়লৈ আঙুলিয়াই দি মন্ত্রীগৰাকীয়ে কয়– আজমলৰ সমর্থকে পাকিস্তান কৈছে নে নাই, সেয়া আজমলে ক’ব৷ ইয়াত ৰিপুণ বৰাৰ কিয় খং উঠে৷ ৰিপুণ বৰাই আজমলৰ ঘৰত কাম কৰে নেকি যে ৰিপুণ বৰাই কেছ দিব৷ ৰিপুণ আৰু বৰা এই শব্দ দুটাৰ গাম্ভীর্যতা ৰখা দৰকাৰ৷ যদি ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমল এক হৈ যায়, তেন্তে জাতিটোৰ বাবে আৰু দুর্ভাগ্যজনক একো হ’ব নোৱাৰে৷ ৰিপুণ বৰাক গহপুৰৰ ৰাইজে আজমলৰ দাসত্বৰ শিকলি পিন্ধাৰ বাবে বিধায়ক পতা নাছিল৷ যি গহপুৰত কনকলতা বৰুৱাৰ আত্মবলিদান জড়িত হৈ আছে৷ যদি ২০১১ চনত, ২০১৯ চনত, ২০২০ চনত গহপুৰৰ এমএলএজনে আজমলৰ দাসত্বৰ শিকলি পিন্ধা বুলি গম পালেহেঁতেন, তেন্তে কনকলতাৰ আত্মাই কিমান দুখ পালেহেঁতেন৷ আমাৰ মাজত যি বিবাদ আছে, যি কাজিয়া আছে, সেয়া আমি নিজৰ মাজত সমাধান কৰিম৷ কিন্তু ইয়াৰ বাবে আজমলৰ দাসত্বৰ শিকলি পিন্ধাৰ প্রয়োজন কি আছিল?

আনহাতে, আজমলৰ বন্দনাত জাতীয়তাবাদী শিবিৰৰ ইজনৰ পাছত সিজন নেতা নামি পৰা বুলি আঙুলিয়াই ড০ শর্মাই কয়– কংগ্রেছ পথভ্রষ্টটো হৈছেই, আজি শিৱসাগৰৰ দৰে ঠাইত বহি অজিত ভূঞায়ো বদৰুদ্দিন আজমল মুখ্যমন্ত্রী হ’লে আপত্তি নাই বুলি কয়৷ যিখন অসমত গোপীনাথ বৰদলৈৰ দৰে মুখ্যমন্ত্রী বিৰাজমান হৈছিল, সেই স্থানত বদৰুদ্দিন আজমলক বহুৱাব বিচাৰিছে৷ এনে দিন আমাৰ জীৱনকালত যাতে নাহে, সেয়া কামনা কৰিছোঁ৷ ইফালে, অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’লে ড০ হিমন্ত বিশ্ব শর্মাক জে’ললৈ পঠিয়াব বুলি অদীপ কুমাৰ ফুকনে কৰা মন্তব্য সন্দর্ভত তেওঁ কয়– অদীপ কুমাৰ ফুকনে আজিৰ পৰা ১৫ বছৰ আগতে আজমলৰ দাসত্ব স্বীকাৰ কৰিছিল৷ তেওঁ অসমৰ প্রথম সাংবাদিক, যিয়ে বদৰুদ্দিন আজমলৰ ধনেৰে বাতৰিকাকতৰ সম্পাদক হৈছিল৷ আনহাতে, মিঞা মিউজিয়ামৰ প্রসংগত তেওঁ কয়– বিধানসভাত চৰ–চাপৰিৰ প্রসংগ উত্থাপন হৈছিল আৰু ইয়াক শ্বেৰমান আলী আহমেদে মিঞা মিউজিয়াম বুলি উলিয়াই দিলে৷ আনকি মিঞা মিউজিয়ামত নীলা লুঙী, কলপতীয়া শাৰী ৰখাৰ কথাও ক’লে তেওঁ৷ ভাষণ প্রসংগত ড০ শর্মাই বংগীয় মুছলমান আৰু অসমৰ খিলঞ্জীয়া মুছলমানৰ দৃষ্টিভংগী দাঙি ধৰি কয়– একাংশই ভিজন ডকুমেণ্ট দেখুৱাই বিজেপিয়ে আজান পীৰ–দৰগাহৰ কথা কয় বুলি কটাক্ষ কৰে৷ কিন্তু আজান পীৰ ৫০০ বছৰ পূর্বে অসমলৈ অহা৷ দৰগাহলৈ হিন্দু মানুহো যায়৷ আজান পীৰ মিঞা নহয়৷ অসমীয়া মুছলমানসকলে এইবোৰ ভাল নাপায়৷ উল্লেখ্য যে আজি সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ প্রাক্তন সাংগঠনিক সাধাৰণ সম্পাদক ক্রমে ৰবীন দাস, কমলা কলিতা, অমৰেন্দ্র শর্মা, আছুৰ প্রাক্তন কার্যনির্বাহক সদস্য স্বপন শইকীয়াকে ধৰি বিভিন্ন জিলাৰ এহাজাৰৰো অধিক আছুৰ প্রাক্তন বিষয়ববীয়াই বিজেপিত যোগদান কৰে৷ দললৈ প্রাক্তন আছু কর্মীসকলক আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিজেপি নেতৃত্বাধীন চৰকাৰক খিলঞ্জীয়াৰ চৰকাৰ আখ্যা দি কয় যে বিজেপিয়ে সর্বস্পর্শী, সর্বব্যাপী নীতি–আদর্শক বিশ্বাস কৰে৷ তেওঁ কয়– প্রবীণক সন্মান আৰু নবীনক আদৰণি জনোৱাটো বিজেপিৰ নীতি৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল চৰকাৰখনে দৃশ্যমান উন্নয়ন আৰু অদৃশ্যমান উন্নয়নেৰে ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীক সাঙুৰি ল’বলৈ সক্ষম হৈছে৷ আজিৰ অনুষ্ঠানত ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে দলৰ ৰাষ্ট্রীয় নেতা অমিত মালব্যই দলৰ কার্যকর্তাসকলক উদ্দেশ্যি ভাষণ প্রদান কৰে৷ অনুষ্ঠানত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়ায়ো ভাষণ দিয়ে

Source: Niyomiya Barta

You May Also Like

More From Author