Site icon Guwahati Times

ভগ্নীৰ গোপন ভিডিও প্ৰেমিকৰ হাতত দি ব্লেকমেইলিং!

প্ৰেমিকৰ লগত হাত মিলাই ভগ্নীক ব্লেকমেইল কৰাৰ অভিযোগ যুৱতীৰ। যুৱতীগৰাকী আৰু প্ৰেমিকক  গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।দিল্লীত সংঘটিত হৈছে এই ঘটনা। ধৃত যুৱকজনৰ নাম দেৱৰাজ | অভিযোগ অনুসৰি প্ৰেমিকাৰ ভগ্নীৰ গোপন ভিডিও ফাদিল কৰাৰ ভাবুকি দিছিল।

তেওঁ ব্লেকমেইলৰ জৰিয়তে টকা ঘটিবলৈ চেষ্টা কৰিছিল। এই কামত তেওঁৰ প্ৰেয়সীয়েও তেওঁৰ লগত সংগ দিছিল।আৰক্ষীৰ মতে, যুৱতীগৰাকীৰ সৈতে দেৱৰাজৰ সম্পৰ্কক তেওঁৰ ভগ্নীয়ে মানি লʼব পৰা নাছিল। এই প্ৰেমক লৈ তেওঁ বহু আপত্তি উত্থাপন কৰিছিল।

ইয়াৰ পিছত ভনীয়েকে তেওঁক ভয় খুৱাই তেওঁৰ পৰা মোটা টকা আদায় কৰাৰ পৰিকল্পনা কৰিলে। ভগ্নীৰ গোপন ভিডিওকেইটামান তেওঁ দেৱৰাজৰ হাতত গতাই দিয়ে।অভিযোগ অনুসৰি, প্ৰেমিকাৰ ভগ্নীলৈ সেই ভিডিওটো প্ৰেৰণ কৰি দেৱৰাজে তেওঁৰ পৰা ২০ হাজাৰ টকা দাবী কৰিছিল।

এই ধন নিদিলে ছচিয়েল মিডিয়াত এই ভিডিও প্ৰচাৰ কৰা হʼব বুলি হুংকাৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীৰ কাষ চাপে ভুক্তভোগীয়ে। ভগ্নী আৰু প্ৰেমিকৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰে।

Exit mobile version