বগামাটিত দুৰ্ঘটনা, নাও ডুবি নদীৰ বুকুত পৰিল শিশু-মহিলাসহ শতাধিক

1 min read

আজি নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ। দৈনন্দিন কৰ্মব্যস্ততাৰ পৰা কিছু আঁতৰি সকলোৱে নবৱৰ্ষক আদৰিছে। পুৰণিক বিদায় দি নতুনক আদৰাৰ হেঁপাহৰে সকলোৱে এসাঁজ খাইছে। লুইতৰ বালিচৰকে ধৰি ৰাজ্যৰ আন আন পিকনিকথলীসমূহত এতিয়া বনভোজ খোৱা দলৰ ভিৰ। সকলোৱে নাচিছে, খাইছে আনন্দ কৰিছে।


আনন্দ উল্লাসৰ মাজতে  অথন্তৰ।এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ’ল বনভোজৰ এটা দল। বাক্সা জিলাৰ বগামাটিত পিকনিক খাবলৈ গৈ বৰনদীত বুৰিল শতাধিক লোক। নৌকা বিহাৰৰ বাবে বনভোজকাৰী সকল উঠিছিল নাওত । অধিক যাত্ৰী কঢ়িওৱাৰ বাবে সংঘটিত হয় এই নাও দুৰ্ঘটনা।নাও চালকৰ দল এটাই পানীত জপিয়াই উদ্ধাৰ কৰে শিশুসহ পুৰুষ-মহিলা যাত্ৰীসকলক।বৰনদীৰ বুকুত বহুতৰে হেৰাল মোবাইল ফোন, মানি বেগ আৰু মূল্যবান সামগ্ৰী।

You May Also Like

More From Author