বিবাহৰ প্ৰস্তাৱ নাকচঃ মুম্বাইৰ ৰাজপথত নিশা ছুৰীৰে হানিলে বলীউডৰ অভিনেত্ৰীক

1 min read

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে হাৰিয়ানাত এগৰাকী যুৱতীক গুলীয়াই হত্যা কৰাৰ পিছত বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ছুৰীৰে উপৰ্যুপৰি আঘাত কৰিলে এগৰাকী অভিনেত্ৰীক। মুম্বাইৰ আন্ধেৰিত সোমবাৰে নিশা ৯ বজাত সংঘটিত হয় এই ঘটনা।

ঘটনাত আঘাতপ্ৰাপ্ত বলীউড তথা টিভিৰ জনপ্ৰিয় অভিনেত্ৰী মালভী মালহোত্ৰা নামৰ অভিনেত্ৰীগৰাকীক এবছৰ পূৰ্বৰ চিনাকি যোগেশ মহিপাল সিং নামৰ এগৰাকী প্ৰযোজকে বিবাহৰ প্ৰস্তাৱ আগবঢ়ায়। কিন্তু মালভীয়ে বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে মুম্বাইৰ আন্ধেৰীৰ এখন কেফেৰ পৰা ওলাই অহা অৱস্থাত গাড়ীৰ পৰা নামি অহা মহিপাল সিঙে বাট আগচি ধৰি বিবাহৰ প্ৰস্তাৱ কিয় নাকচ কৰিছে বুলি ছুৰীৰে উপৰ্যুপৰি আঘাত কৰে।

সংকটজনক অৱস্থাত মালভীক মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি তেওঁ সুস্থ যদিও এই ঘটনাই জোকাৰি গৈছে সকলোকে। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে ঘটনাটোক লৈ গোচৰ ৰুজু কৰিছে যদিও মালভি হাস্পতালত ভৰ্তি হৈ থকা বাবে ঘটনাৰ আঁৰৰ বিস্তৃত তথ্য জানিব পৰা হোৱা নাই। এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰেই যদি এই দশা, তেন্তে সাধাৰণ নাৰীৰ স্বাধীনতাৰ স্বৰূপ কেনে হ’ব পাৰে তাকে লৈ চৰ্চা হৈছে চাৰিওদিশে।

কোন এই মালভী মালহোত্ৰা

মালভী মালহোত্ৰা এগৰাকী উদীয়মান অভিনেত্ৰী। তেওঁ টিভি অনুষ্ঠান, হিন্দী চিনেমা, বিজ্ঞাপন আৰু দক্ষিণৰ চিনেমা উদ্যোগত কাম কৰিছে আহিছে। ভৱিষ্যতলৈ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী হোৱাৰ সপোন দেখা মালভীয়ে এতিয়ালৈকে এখন হিন্দী চিনেমাত অভিনয় কৰিছে। তেওঁ কেইখনমান তামিল ছবিতো অভিনয় কৰিছে। বহুতো বিজ্ঞাপনত অভিনয় কৰা মালভী Katie cosmetic প্ৰসাধন সামগ্ৰীৰ ব্ৰেণ্ড এম্বেচাডৰো। এগৰাকী জনপ্ৰিয় মডেল ৰূপে বহুতো ফেশ্বন শ্ব’তো অংশ লৈছে তেওঁ।

You May Also Like

More From Author