Site icon Guwahati Times

‘হাদ্দি’ত কিন্নৰৰ চৰিত্রত নৱাজুদ্দিন, সৱিশেষ পঢ়ক-

নৱাজুদ্দিন ছিদ্দিকীৰ আগন্তুক ছবি ‘হাদ্দি’ৰ ফাৰ্ষ্ট লুক মুক্তিৰ পাছতে দৰ্শকৰ মাজত ব্যাপক চৰ্চা চলিছে। আজি অভিনেতা নৱাজুদ্দিনে নিজৰ ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰিছে। ছবিখনত নৱাজক হিজড়া হিচাপে দেখা যাব। ২০২৩ চনত ৰূপালী পৰ্দাত মুক্তি পাবলৈ গৈ আছে এই ছবিখন।

ৰঙা শাৰী, ডিঙি আৰু কাণত গধুৰ গহনা, ওঁঠত লিপষ্টিক, কপালত ফোট। এয়া নৱাজুদ্দিন ছিদ্দিকীৰ আগন্তুক ছবি ‘হাদ্দি’ৰ লুক। শনিবাৰে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰে। কেপচনত হিন্দীত লিখা আছে-(आँखो में हुवे जा रहे हैं हम,
जीना नहीं है फिर भी जिये जा रहे हैं हम।)

ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত নৱাজে নিজৰ নতুন চৰিত্ৰ সন্দৰ্ভত কয়, ‘মই এই ছবিখনত দ্বৈত চৰিত্ৰত অভিনয় কৰিম। এগৰাকী মহিলা আৰু এগৰাকী হিজড়া। সম্পূৰ্ণ বেলেগ দুটা চৰিত্ৰ।

উল্লেখ্য যে অক্ষত অজয় ​​শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত ‘হাদ্দি’ অহা বছৰত মুক্তি পাব। ইয়াৰ উপৰিও নৱাজুদ্দিনক ‘টিকু ৱেডছ শ্বেৰু’ আৰু ‘বোলে চুৰীয়া’ ছবিত দেখা যাব।

Exit mobile version