Site icon Guwahati Times

প্ৰেম প্ৰতাৰণাৰ প্ৰতিশোধ! বোমাৰে উৰুৱাই দিলে প্ৰাক্তন প্ৰেমিকাৰ স্ৱামীক

প্ৰেম প্ৰতাৰণাৰ প্ৰতিশোধ! বোমাৰে উৰুৱাই দিলে প্ৰাক্তন প্ৰেমিকাৰ স্ৱামীক। বিয়াৰ দিনাই উপহাৰ হিচাপে হোম থিয়েটাৰ মিউজিক চিষ্টেমত ভৰাই দিছিল বোমা।

বিয়াৰ উপহাৰ হিচাপে পোৱা হোম থিয়েটাৰ মিউজিক চিষ্টেমটো প্লাগ ইন কৰাৰ লগে লগে বিস্ফোৰণ ঘটে। থিতাতে নিহত হয় দৰাৰ লগতে তেওঁৰ ককায়েকৰৰ। বিস্ফোৰণত আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।

হোম থিয়েটাৰ মিউজিক চিষ্টেমত বিস্ফোৰক সামগ্ৰীৰে ভৰোৱা আছিল। কইনাৰ প্ৰাক্তন প্ৰেমিকৰ উপহাৰ আছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পায়। ছত্তীশগড়ৰ কবীৰধাম জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

২২ বছৰীয়া হেমেন্দ্ৰ মেৰাৱী নামৰ দৰাজনে হোম থিয়েটাৰটো প্লাগ ইন কৰাৰ পিছতেই হোম থিয়েটাৰটো অন কৰিছিল। লগে লগে বিস্ফোৰণ ঘটিছিল, যাৰ ফলত হেমেন্দ্ৰ মেৰাৱীয়ে থিতাতে মৃত্যুক সাৱটি লয়। আনহাতে চিকিৎসাৰ সময়তে মেৰাৱীৰ ককায়েকে মৃত্যুক সাৱটি লয়।

আৰক্ষীয়ে অভিযুক্তক সৰ্জু বুলি চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কবীৰধামৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মনীষা ঠাকুৰে জনোৱা মতে, জেৰাৰ সময়ত অভিযুক্তই উপহাৰ দিয়া কথা মানি লৈছিল। তেওঁৰ প্ৰাক্তন প্ৰেমিকাক বিয়া কৰাই দিয়াৰ বাবে খং উঠিছিল। সেয়েহে তেওঁ প্ৰাক্তন প্ৰেমিকাক বিস্ফোৰক থকা হোম থিয়েটাৰ উপহাৰ দিছিল।

উল্লেখ্য যে হেমেন্দ্ৰ মেৰাৱীয়ে ১ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। দৰাৰ ককায়েক ৰাজকুমাৰ (৩০)কে ধৰি আন চাৰিজন লোক আঘাতপ্ৰাপ্ত হয়। অৱশ্যে চিকিৎসাৰ সময়তে মৃত্যুক সাবটি লয় ৰাজকুমাৰে। আন চাৰিজন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

Exit mobile version