Site icon Guwahati Times

বঙাইগাঁও জিলাৰ সকলো প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলাৰ সকলো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহ (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) ২০ এপ্ৰিলৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত পাঠদান প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ বঙাইগাঁও জিলা উপায়ুক্ত আৰু সভাপতি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই নিৰ্দেশ জাৰি কৰিছে ।

ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ধাৰ্য্য কৰা নিয়ম অনুসৰি উপায়ুক্তগৰাকীয়ে এই সিদ্ধান্ত কৰিছে ।

এই নিৰ্দেশ চৰকাৰী আৰু বেচৰকাৰী উভয় বিদ্যালয়সমূহতে প্ৰযোজ্য হ’ব |

 

Exit mobile version