23.6 C
Assam
Sunday, September 25, 2022

Featured News

গোসাঁইগাঁৱত ৰেলৰ পৰা পৰি যুৱকৰ মৃত্যু

Assamese Newsগোসাঁইগাঁৱত ৰেলৰ পৰা পৰি যুৱকৰ মৃত্যু

ৰাজস্থানৰ ভগত কি কোঠি’ৰ পৰা উজনিমুৱা চলমান কামাখ্যা এক্সপ্ৰেছ ৰেলৰ পৰি গোসাঁইগাঁৱত এক যুৱকৰ মৃত হৈছে। উজনিমুৱা চলমান কামাখ্যা এক্সপ্ৰেছ ৰেলৰ পৰা গোসাঁইগাঁও ৰেল ষ্টেচনেদি পাৰ হৈ থকা অৱস্থাত সন্ধিয়া ৬ মান বজাত ষ্টেচনৰ কাষত পৰি যুৱকজন থিতাতে নিহত হয়। যুৱকজন বৰপেটা জিলাৰ বালাভিটা গাঁৱৰ হামিদ আহমেদৰ পুত্ৰ ৰকিবুল ইছলাম(২১) বুলি জানিব পৰা গৈছে। যুৱকজন উক্ত ৰেলখনেৰে পশ্চিম প্ৰান্তৰ পৰা বৰপেটাৰ বালাভিটাস্থিত নিজ গৃহ লৈ গৈ আছিল বুলি ৰেল আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ। গোসাঁইগাঁও হাট – শ্ৰীৰামপুৰ ৰেল ষ্টেচনৰ মাজৰ ১৯০/২-৩ কিমিত পৰি যুৱকজনৰ থিতাতে নিহত হয়। উল্লেখ্য যে গোসাঁইগাঁও ৰেল আৰক্ষীয়ে যুৱকজনৰ এটা এণ্ড্ৰইড মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: