২০২৫ চনত বিটিআৰৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বড়ো ভূমিৰ দুই আঞ্চলিক দল BPF-UPPLৰ একত্ৰিকৰণ প্ৰায় চূড়ান্ত হৈছে। দুয়োটা দলে গঠন কৰিছে কমিটী। বিজেপিৰ আগ্ৰাসন। চিন্তিত হৈছে বড়ো ভূমিৰ ৰাইজ। বড়ো ভূমিত ক্ষমতা হেৰুওৱাৰ শংকা BPF-UPPLৰ। সেয়ে দুয়োটা দলৰ মাজত একত্ৰিকৰণৰ বাবে চূড়ান্ত পৰ্যায়ত চলিছে আলোচনা।
BPF-UPPLৰ একত্ৰিকৰণে বড়ো ভূমিত আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থান হ’ব বুলি News18ক জনায় বিপিএফৰ বিধায়িনী দলৰ নেতা দুৰ্গাদাস বড়োৱে। দুৰ্গাদাস বড়োৰ মতে BPF-UPPL একত্ৰিকৰণৰ বাবে দুয়োটা দলে গঠন কৰিছে কমিটী। কমিটীত বিপিএফৰ দলৰ তৰফৰ পৰা আছে বিধায়ক ৰবিৰাম নাৰ্জাৰী। আনহাতে সাংসদ ৰনগৌড়া নাৰ্জাৰীক UPPLৰ দায়িত্ব দিয়া হৈছে।
বিপিএফ আৰু ইউপিপিএলৰ যুটিৰ জয়ৰ পাছত কোন হ’ব বড়ো ভূমিৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য। হাগ্ৰামা মহিলাৰী নে প্ৰমোদ বড়ো। সৰ্বভাৰতীয় দলৰ বিৰুদ্ধে একত্ৰিত ভাৱে যুঁজ দিব বিচৰা বিপিএফ আৰু ইউপিপিএল দলে পৰিষদীয় নিৰ্বাচনৰ পাছত এৰা ধৰাৰ মাজেৰে সিদ্ধান্ত ল’ব কোন হ’ব পৰৱৰ্তী চিইএম। বিটিচিত বিজেপিৰ আগ্ৰাসনৰ বাবে অধিক চিন্তিত হোৱা জনসাধাৰণে সকলো ত্যাগৰ বিনিময়ত সকলো চূক্তি ৰূপায়ন হোৱাটো বিচাৰিছে।
Source: News18Northeast

