Site icon Guwahati Times

তিনিদিন ধৰি বন্ধ আছিল কোঠাৰ দুৱাৰ, বিয়পি পৰিছিল দুৰ্গন্ধ, দুৱাৰ খুলি আৰক্ষীয়ে দেখিলে ভয়ংকৰ দৃশ্য!

গুৱাহাটীৰ ভাড়াঘৰত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। জু-ৰোডৰ জুৰণী পথৰ House No 23ত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ।
তিনিদিন ধৰি বন্ধ হৈ আছিল যুৱতীগৰাকীৰ কোঠাৰ দুৱাৰ। কোঠাটোৰ পৰা দুৰ্গন্ধ ওলোৱাত গীতানগৰ আৰক্ষীক খবৰ দিয়ে ঘৰৰ গৰাকীয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।
মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকী সৰভোগ মেধাৰ ফাৰহানা চুলতানা বুলি জানিব পৰা গৈছে। মনোবিজ্ঞানৰ গৱেষক ছাত্ৰী আছিল ফাৰহানা।
জানিব পৰা মতে, প্ৰেমিকৰ সৈতে ২০২৩ বৰ্ষৰ পৰা ভাড়াঘৰত আছিল ফাৰহানা। ভাড়াঘৰৰ মালিকক দিয়া নথিত চিপাঝাৰত ঘৰ বুলি উল্লেখ কৰিছিল দুয়ো।
Exit mobile version