গুৱাহাটীৰ মাজমজিয়াত পুনৰ এক ভয়ংকৰ ঘটনা। মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ।
কাহিলীপাৰাৰ বন্ধ কোঠাত নিজকে শেষ কৰি দিলে এগৰাকী মহিলাই।
মৃত মহিলাগৰাৰীক নাম কৰিশ্মা দাস বুলি জানিব পৰা গৈছে।
পাঞ্জাবাৰীৰ এটা ব্যক্তিগত খণ্ডৰ বেংকত কৰ্মৰত আছিল কৰিশ্মা দাস।
পাৰিবাৰিক কন্দলৰ বাবেই কৰিশ্মা দাসে চৰম পন্থা লোৱাৰ সন্দেহ কৰা হৈছে।

