ৰাজস্থানত ‘বেলকনিত ভগৱান’–ত্রিশূৰত ‘ব্রীজ’ শ্রেষ্ঠ ছবি

0 min read

দেশত অনুষ্ঠিত দুখনকৈ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত দুখন অসমীয়া ছবিয়ে শ্রেষ্ঠত্বৰ সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ১৯সংখ্যক ত্রিশূৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত কৃপাল কলিতাৰ দ্বাৰা পৰিচালিত ‘ব্রীজ’ ছবিখনে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ বিপৰীতে সপ্তমসংখ্যক ৰাজস্থান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে বিশ্বজিৎ বৰা পৰিচালিত ছবি ‘বেলকনিত ভগৱান’–এ৷

উল্লেখ্য যে ত্রিশূৰত ‘ব্রীজ’–এ শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ পূর্বে ৫৯সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ভাৰতৰ হৈ একমাত্র বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ এতিয়ালৈকে ২২তকৈ অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত অংশগ্রহণ কৰাৰ লগতে আন্তঃৰাষ্ট্রীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ‘ব্রীজ’–এ৷

কৃপাল কলিতাৰ দ্বাৰা পৰিচালিত ব্রীজৰ প্রযোজক ৰমা কুমাৰ দাস আৰু সবিতা দেৱী, কাহিনী–চিত্রনাট্য আৰু সংলাপ কৃপাল কলিতাৰ৷ ৰমেন ৰাভাই চিত্রগ্রহণ কৰা ছবিখনৰ সম্পাদনা কিশোৰ ডেকাৰ৷ ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্রীতমৰ৷ মূল চৰিত্রত অভিনয় কৰিছে শিৱাৰাণী কলিতাই৷

আনপিনে ৰাজস্থানৰ যোধপুৰত অনুষ্ঠিত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰা ‘বেলকনিত ভগৱান’ৰ পৰিচালক বিশ্বজিৎ বৰাই কালি নিশা বঁটা গ্রহণ কৰিছে৷

You May Also Like

More From Author