বিটিচিৰ দুর্নীতিৰ ফাইল খোল খাব অহা সপ্তাহত

0 min read

বিটিআৰ এলেকাত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ সমউন্নয়ন–সমমর্ নিশ্চিত কৰাৰ লক্ষ্যৰে আজি বিটিআৰ প্রশাসনৰ উদ্যোগত বিটিআৰৰ বিভিন্ন সামাজিক আৰু ছাত্র সংগঠনৰে এখন বৈঠক অনুষ্ঠিত হয়৷ বিটিচি সচিবালয়ৰ খেলপথাৰত আয়োজিত বৈঠকত বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বডো, উপ–মুখ্য কার্যবাহী গোবিন্দ বসুমতাৰী, সাংসদ তথা জিএছপিৰ সভাপতি নৱ কুমাৰ শৰণীয়া, কার্যবাহী সদস্যসকল, এবছুৰ সভাপতি দ্বীপেন বডোৰ উপৰি ৩৮টা দল–সংগঠনৰ সভাপতি আৰু সম্পাদককে ধৰি নেতৃবর্গ উপস্থিত থাকে৷ বৈঠকত আদৰণী ভাষণ আগবঢ়াই বিটিআৰৰ উপ–মুখ্য কার্যবাহী গোবিন্দ বসুমতাৰীয়ে কয় যে বিভিন্ন দল–সংগঠনৰ ঐকান্তিক প্রচেষ্টাত গঠিত বিটিআৰৰ পৰিৱর্তনকামী চৰকাৰে সমমর্যাদা, সমধিকাৰ, সমউন্নয়নেৰে সকলোকে আগুৱাই লৈ যাব৷ চৰকাৰ গঠনৰ ক্ষেত্রত আগভাগ লোৱা দল–সংগঠনক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে চৰকাৰ আৰু ৰাইজৰ মাজত সু–সম্পর্ক স্থাপন হ’লেহে সকলো সমস্যাৰ সমাধান উলিয়াবলৈ চৰকাৰখন সফল হ’ব৷ ‘ৰাইজৰ অভাৱ–সমস্যা দূৰ কৰাই পৰিৱর্তনকামী চৰকাৰৰ অন্যতম লক্ষ্য৷’– তেওঁ কয়৷ সভাত সদৌ চাওতাল ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰিমন সৰেণে কয় যে আদিবাসী জনগোষ্ঠী শৈক্ষিক–সামাজিক–ৰাজ্ অতি পিছপৰা৷ বিগত ১৭ বছৰে বিভিন্ন ক্ষেত্রত আদিবাসী জনগোষ্ঠীৰ লোকসকল শোষিত– বঞ্চিত আৰু লাঞ্ছিত হ’বলগীয়া হৈছিল৷ সমধিকাৰ, সমউন্নয়নৰ প্রতিশ্রুতি দি বিটিআৰ দখল কৰা প্রমোদ বডো নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনক আদিবাসীৰ লগতে আন সকলো জনগোষ্ঠীৰ মৌলিক সমস্যাসমূহ সমাধান কৰাৰ লগতে নিবনুৱাক সংস্থাপনৰ ক্ষেত্রত বিশেষ ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷ তদুপৰি মূলসুঁতিলৈ ঘূৰি অহা আদিবাসী সশস্ত্র সংগঠনৰ সমস্যা সমাধান কৰিবলৈও আহ্বান জনায় সদৌ চাওতাল ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰিমন সৰেণে৷ সভাত উপস্থিত থকা আন দল–সংগঠনৰ নেতৃবর্গই বিগত ১৭ বছৰে বঞ্চনা–লাঞ্ছনাৰ কথা সদৰী কৰি ভূমিৰ সমস্যা, গোষ্ঠী সংঘর্ষত ক্ষতিগ্রস্ত লোকক পুনৰ সংস্থাপন, সকলো জাতি–জনগোষ্ঠীৰ সমমর্যাদা, সমউন্নয়ন, সমবিকাশত গুৰুত্ব আৰোপ কৰিবলৈ নতুন চৰকাৰৰ প্রতি আহ্বান জনাই শান্তি–সম্প্রীতি–উন্নয়্ বিটিআৰত নতুন দিগন্তৰ সূচনা কৰিবলৈ আহ্বান জনাইছে৷ আনহাতে, মুখ্য কার্যবাহী প্রমোদ বডোৱে সকলো দল–সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত সময়ছোৱাত সকলোৰে সহযোগত শান্তি–সম্প্রীতি আৰু ভাতৃত্ববোধৰ বিটিআৰ গঠনৰ পদক্ষেপ লোৱা হ’ব বুলি ভাষণত আশ্বাস দিয়ে৷ ভূমিৰ সমস্যাকে ধৰি আন সকলো সমস্যা সমাধানৰ বাবে ক্ষিপ্র পদক্ষেপ লোৱা হ’ব বুলি মন্তব্য কৰি সমাজ কল্যাণ বিভাগৰ দ্বাৰা অচিৰেই বিটিআৰত সামূহিক সুখ কোষ গঠন কৰা হ’ব বুলি ঘোষণা কৰে৷

বিটিআৰৰ সকলো বিভাগ ডিজিটেলাইজড কৰা হ’ব বুলি সদৰী কৰি পূর্বৰ চৰকাৰৰ দুর্নীতি–ভ্রষ্টাচাৰৰ ফাইল অহা সপ্তাহৰ পৰা খোলা হ’ব আৰু দুর্নীতিত লিপ্ত বিষয়া–কর্মচাৰী বা কোনো ৰাজনীতিজ্ঞ সাৰি নাযায় বুলি তেওঁ ঘোষণা কৰে৷ পূর্বৰ চৰকাৰে ভয়–ভাবুকিৰে জাতি–জনগোষ্ঠীক দমন কৰি ৰাখিছিল আৰু মুকলিকৈ কথা কোৱাৰ কোনো সুযোগ দিয়া নাছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি প্রমোদ বডোৱে কয় যে এতিয়া ইউপিপিএল, বিজেপি আৰু জিএছপিৰ চৰকাৰে সকলো জাতি–জনগোষ্ঠীকে সমমর্যাদা, সমধিকাৰ প্রদান কৰিব৷ দুর্নীতি, ভ্রষ্টাচাৰ ৰোধ কৰাৰ বাবে প্রতিটো বিভাগ ডিজিটেলাইজড কৰাটো নিতান্তই প্রয়োজন বুলি উল্লেখ কৰি ইয়াৰ বাবে এমাহৰ প্রয়োজন বুলি উল্লেখ কৰে৷ আজি সকলো জাতি–জনগোষ্ঠীৰ জাতীয় দল–সংগঠনৰ স’তে অনুষ্ঠিত অন্তৰংগ বৈঠকত সকলোৱে নিজ নিজ জাতি–জনগোষ্ঠীৰ সমস্যাৰ কথা মুক্তমনে ক’ব পাৰিছে আৰু সমস্যা সমাধানত চৰকাৰেও আগভাগ ল’ব বুলি মন্তব্য কৰি লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্যায়ৰ বাবে ৰাজ্য আৰু কেন্দ্রৰ স’তে যোগাযোগ কৰা হ’ব বুলি জনায় প্রমোদ বডোৱে৷ আজিৰ সভাত এবছু, আছা, বিটিআৰ গোর্খা সমাজ, বিটিআৰ অনুসূচিত জাতি সন্থা, সদৌ মদাহি–কছাৰী ছাত্র সন্থা, দুলুৰায় বডো হাৰিমু আফাট, সদৌ অসম উডিয়া যুৱ–ছাত্র পৰিষদ, সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থা, বিটিআৰ নাথ যোগী ছাত্র সন্থা, বিটিআৰ সূত্রধৰ সন্মিলন, ৰাভা ছাত্র সন্থা, আমছু, বিটিআৰ কোচ ৰাজবংশী ছাত্র সন্থা, বেংগলী যুৱ আৰু ছাত্র সন্থা, কেওট জাতীয় পৰিষদ আদিকে ধৰি ৩৮টা সংগঠনে অংশগ্রহণ কৰে৷ উল্লেখ্য যে উক্ত সভাত এবছুৰ সভাপতি দ্বীপেন বডোৱে বিটিআৰ চৰকাৰ ৰাইজৰ চৰকাৰ বুলি অভিহিত কৰি সকলো জাতি–জনগোষ্ঠীৰ সমন্বয়ত গঠিত হোৱা বিটিআৰ চৰকাৰে ৰাইজৰ সমস্যা সমাধান কৰিব বুলি আশা প্রকাশ কৰে৷

You May Also Like

More From Author