নাগালেণ্ড সীমান্তত চুৰি বুলেট উদ্ধাৰ

1 min read

তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত ব্যাপকভাৱে বৃদ্ধি পাইছে গাড়ী চোৰৰ উপদ্ৰৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি কৰি অনা গাড়ী নাগালেণ্ডৰ পাহাৰত কিছুদিন লুকুৱাই ৰাখি পিছত অন্য লোকক কম দামতে বিক্ৰী কৰি একাংশ চোৰে চুৰি কাৰ্যৰ এক বৃহৎ ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে।

আজি আবেলি নগাবাটস্থিত পানীখেতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিঠাৰাম মিলি আৰু কনিষ্টবল ঋষভ তালুকদাৰে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নাগালেণ্ডৰ পাহাৰৰ দাঁতিৰ পৰা গৰাকীবিহীন এখন বুলেট উদ্বাৰ কৰিবলৈ সক্ষম হয়।

সেউজীয়া ৰঙৰ ৩৫০ চি চিৰ বুলেটখন চোৰে চুৰি কৰি আনি নম্বৰপ্লেটখন খুলি পেলোৱাৰ লগতে পাহাৰৰ কাষত লুকুৱাই ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

উল্লেখ্য যে যোৱা সপ্তাহতো নগাবাট সীমান্তৰ কাষতে এজন নগা লোকৰ খেতি ফাৰ্মত আৰক্ষীয়ে চুৰি হোৱা এখন বাজাজ পালছাৰ বাইক উদ্বাৰ কৰিবলৈ সক্ষম হৈছিল। কাষৰীয়া সীমান্তৱৰ্তী অঞ্চলৰ সুযোগ লৈ চোৰে এনেদৰে স্থাপন কৰা বৃহৎ গোপন ঘাটি শীঘ্ৰে পুলিয়ে-পোখাই উৎখাত কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।

source- niyomiabarta

You May Also Like

More From Author