Site icon Guwahati Times

কামৰূপ(ম)ত চলাচল কৰা চিটি বাছৰ ভাড়া তালিকা প্ৰকাশ, পঢ়ি লওঁক

কামৰূপ মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছৰ নিৰিখ প্রকাশ পৰিবহন বিভাগৰ।

নিৰ্ধাৰিত ভাড়াতকৈ অধিক ভাড়া যাত্ৰীৰ পৰা সংগ্ৰহ কৰিলে দিব পাৰিব অভিযোগ।

কামৰূপ(ম) যানবাহন আৰক্ষীৰ ওপৰতো যাত্ৰীয়ে অভিযোগ দিব পাৰিব।বৃহস্পতিবাৰে যাত্ৰীৰ সুবিধা হোৱাকৈ অভিযোগ দিয়াৰ বাবে মুকলি হোৱাটছ এ’প নম্বৰ। ৬৯০১২-৬৯০০৬,৬০২৬১-৭৬৭৫৫  এই দুটা নম্বৰত অধিক ভাড়া সংগ্ৰহ কৰা চিটিবাছৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব।

 

ইয়াৰ উপৰিও পৰিবহণ বিভাগক ৯৫৩১১০৭৪৮২ নম্বৰত প্ৰত্যক্ষ যোগাযোগ কৰিব পাৰিব যাত্ৰীয়ে।

উল্লেখ্য যে ,কামৰূপ(ম) জিলাত চিটি বাছে নিজৰ খেয়াল খুচি অনুসৰি যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহ কৰা বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।চিটিবাছত উঠি যাত্ৰী যাতে বিপদত পৰিব নালাগে তাৰ বাবে জিলা প্ৰশাসনৰ নির্দেশত জিলা পৰিবহণ বিভাগে প্ৰকাশ কৰিছে নিৰ্ধাৰিত নিৰিখ তালিকা।

Exit mobile version