চৰকাৰৰ প্ৰতি কিলোমিটাৰত লোকচান ৩০.৯২ টকা, ASTC ৰ বাছ চলিলে

1 min read

গুৱাহাটী: অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিবহণ লোকচান প্ৰতি কিলোমিটাৰত ৩০.৯২ টকা । অৰ্থাৎ নিগমৰ এখন বাছ চলিলে প্ৰতি কিলোমিটাৰত লোকচান হয় প্ৰায় ৩১ টকা ।- এই বিস্ফোৰক তথ্য উন্মোচিত হৈছে ‘কেগ’ৰ প্ৰতিবেদনত । অসম বিধানসভাৰ মজিয়াত বৃহস্পতিবাৰে দাখিল কৰা নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ মতে, যোৱা পাঁচ বছৰত পৰিবহণ নিগমৰ লোকচানৰ পৰিমান ৭৩২.৮৫ কোটি টকাৰ পৰা ৯৬৯.৯২ কোটি টকা হয় । এই বৃদ্ধিৰ পৰিমান ৩২.৩৫ শতাংশ ।

আনহাতে পৰিবহণ নিগমে সময়মতে আন্ত-গাঠনি প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিব পৰা নাছিল আৰু বাছৰ চলাচল নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰিবলৈ দক্ষতাপূৰ্ণ পৰিবহণ ব্যৱস্থাপনা পদ্ধতিৰ আঁচনি ৰূপায়নতো বিফল হোৱাৰ তথ্য কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । মূলতঃ ব্যৱস্থাপনাৰ আসোঁৱাহ আৰু ব্যাপক অনিয়ম তথা পৰিকল্পনাহীনতাৰ বাবেই ধাৰাবাহিক লোকচানৰ সন্মুখীন হৈ আহিছে অসম ৰাজ্যিক পৰিবহণ নিগম ।(Niyomiya Barta)

You May Also Like

More From Author