Site icon Guwahati Times

শুকুৰবাৰৰ পৰা চলিব বাছ, প্ৰত্যাহাৰ কৰা হ’ল চকাবন্ধ

মটৰ পৰিবহণ সন্থাৰ চকা বন্ধ আন্দোলন প্ৰত্যাহাৰ। শুকুৰবাৰৰ পৰা ১০০ শতাংশ যাত্ৰীৰে চলিব যাত্ৰীবাহী বাছ। কিন্তু থিয় হৈ যাব নোৱাৰিব কোনো যাত্ৰী।

উল্লেখ্য যে সদৌ অসম মটৰ পৰিবহণ সন্থাই অনির্দিষ্টকালীন চকাবন্ধ কার্যসূচী হাতত লৈছিল৷ আনহাতে মঙলবাৰে পৰিবহণ মন্ত্ৰী আৰু সদৌ অসম মটৰ পৰিবহণ সন্থাৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল যদিও ইয়াৰ কোনো মীমাংসা হোৱা নাছিল। বৈঠকৰ অন্তত পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কোনো কাৰণতে ভাৰা বৃদ্ধি নহয় বুলি স্পষ্ট ভাৱে জনাই দিছিল।

Exit mobile version