Site icon Guwahati Times

‘CAAএ শেষ কৰিব অসমীয়া জাতি’-হিন্দুত্ববাদী আৰু মুছলমান মৌলবাদীক ২০২১ত পৰাভূত কৰাৰ হুংকাৰ অখিল গগৈৰ

শুকুৰবাৰে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত উপস্থিত হ’ল কাৰাবন্দী কৃষক নেতা অখিল গগৈ। স্বাস্থ্য পৰীক্ষাৰ বাবে উপস্থিত হোৱা অখিল গগৈয়ে চিকিত্‍সা মহাবিদ্যালয়খনৰ পৰাই দিলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ। দুৰ্ভাগ্যজনক ভাবে নাগৰিকত্ব সংশোধী আইন বিৰোধী আন্দোলন স্তিমিত হৈছে বুলি উদ্বেগ প্ৰকাশ কৰে কৃষকনেতাগৰাকীয়ে।

অখিল গগৈয়ে কয় যে, ‘নাগৰিকত্ব সংশোধনী আইনে শেষ কৰিব অসমীয়া জাতি। কা’ৰ বিৰুদ্ধে সকলো অসমীয়া একত্ৰিত হ’ব লাগে।’ অখিল গগৈয়ে লগতে কয় যে, ‘২০২১ৰ নিৰ্বাচনত বিজেপিক উফৰাই প্ৰথমখন বিধানসভা অধিবেশনতে নাগৰিকত্ব সংশোধনী আইন অসমত বলবত্‍ নহ’ব বুলি প্ৰস্তাৱ ল’ব লাগিব।’

আনহাতে চলিত মাহৰ শেষৰ ফালে মুকলি আকাশৰ তললৈ আহিব বুলি আশাবাদী অখিল গগৈ। ৰাজ্যবাসীক কা’ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাই অখিল গগৈয়ে কাৰাগাৰৰ পৰাই দৃঢ় স্থিতি ল’ব বুলি উল্লেখ কৰে। ইয়াৰ সমান্তৰালকৈ ২০২১ত হিন্দুত্ববাদী আৰু মুছলমান মৌলবাদীক পৰাভূত কৰা হ’ব বুলি বিস্ফোৰক মন্তব্য কৰে অখিল গগৈয়ে।

Exit mobile version