‘কা’ মানি নলয় বাইডেনে!

1 min read

বিশ্বজুৰি ব্যাপক জল্পনা-কল্পনা। কোন হব হোৱাইট হাউছৰ পৰৱৰ্তী উত্তৰাধিকাৰী? শুকুৰবাৰৰ নিশা লৈকে এটা কথা প্ৰায় স্পষ্ট হৈছে, যে বিশ্বৰ সবাতোকৈ উন্নত দেশখনৰ ৰাষ্ট্ৰপ্ৰধান হোৱাৰ দিশে আগবাঢ়িছে জো বাইডেন।

যদিহে বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হয় তেন্তে বিশ্বৰ অন্যতম শক্তিশালী দেশ আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হব মি. জো বাইডেন। বাইডেনৰ বয়স এতিয়া ৭৭বছৰ। প্ৰায় ৫০ বছৰৰ ৰাজনৈতিক জীৱন তেখেতৰয। দীৰ্ঘদিন ধৰি হোৱাইট হাউচত প্ৰৱেশ কৰা বাইডেনৰ যি সপোন আছিল সেই এতিয়া পূৰণ হোৱাৰ পথত।

১৯৮৭ চনত এবাৰ তেওঁ আমেৰিকাৰ প্ৰেচিডেন্ট প্ৰাৰ্থী হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি ডেমক্ৰেট দলৰ মনোনয়ন বিচাৰিছিল। ইয়াৰ পিছত স্বজন হেৰুওৱা, স্ত্ৰী-পুত্ৰ বিয়োগ, নিজৰ মস্তিষ্কত ৰক্তক্ষৰণসহ নানা সংকট আৰু তাৰ পিছত নিজৰ সৈতেই ২০বছৰ সংগ্ৰাম কৰে মি. বাইডেনে।

২০০৮ চনত পুনৰ দলীয় মনোনয়নৰ দৌৰত নামে মি. বাইডেন। অৱশ্যে বাৰাক অবামাৰ সৈতে সংঘাতত লিপ্ত নহৈ পাছত তেওঁ ভাইচ প্ৰেচিডেন্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশেষত ২০২০ চনৰ নিৰ্বাচনৰ মনোনয়ন লাভ কৰে তেওঁ।

জো বাইডেন প্ৰায়েই এটা কথা কৈছিল,- দেউতাৰ এটা কথা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা। কোনে তোমাক কিমানবাৰ পিছলৈ ঠেলি পেলাই দিলে, সেয়া ডাঙৰ কথা নহয়; কিন্তু কিমান সোনকালে তুমি উঠি থিয় দিব পাৰিলা, মানুহ হিচাবে সেয়াই হ’ব তোমাৰ সাফল্যৰ পৰিচয়। ‘ অতিপাত আত্মবিশ্বাসী আৰু জীৱনৰ সকলো প্ৰত্যাহ্বান হাঁহিমুখে গ্ৰহণ কৰা ব্যক্তিগৰাকী অৱশেষত হব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি।

বাইডেন ৰাষ্ট্ৰপতিৰ দৌৰত আগবঢ়াৰ সমান্তৰালভাৱে ভাৰতত এটা বিশেষ বিষয়ে চৰ্চা লাভ কৰিছে। সেই বিষয়টো হৈছে, বাইডেন ৰাষ্ট্ৰপতি হলে ভাৰতৰ বাবে ভাল হব নে বেয়া হব? ট্ৰাম্পৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মোডীয়ে যি এক মধুৰ সম্পৰ্ক গঢ়ি তুলিছিল, তেনে মধুৰ সম্পৰ্ক বাইডেনৰ সৈতেও হবনে?

ভাৰতে যিবোৰ বৈদেশিক চুক্তি আমেৰিকাৰ সৈতে ইতিমধ্যে সম্পন্ন কৰিছে, সেইবোৰত বাইডেন শাসনলৈ আহিলে প্ৰভাৱ পৰিব নেকি? ভাৰতক ট্ৰাম্পতকৈ বাইডেনে ভাল পায় নে বেয়া পায়? দেশৰ সাধাৰণ লোকৰ মাজত এনে প্ৰশ্নবোৰ এতিয়া প্ৰাসংগিক।

ভাৰত চৰকাৰক কেইবাটাও সিদ্ধান্তক লৈ সময়ে সময়ে জো বাইডেন তথা ডেমক্ৰেট দলে মাত মাতি আহিছে। কমলা হেৰিছ আৰু জো বাইডেনে বিশেষকৈ জম্মু-কাশ্মীৰবাসীৰ মানৱধিকাৰ খৰ্ব কৰা আৰু দেশবাসীৰ ওপৰত কা-এন আৰ চি জাপি দিয়া বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

বাইডেনে নিজৰ নিৰ্বাচনী প্ৰচাৰৰ ৱেবচাইটতো কা- এন আৰ চিৰ তীব্ৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰিছে। বাইডেনে তাত স্পষ্টৰূপত কৈছে যে, কা আৰু এন আৰ চিয়ে ভাৰতৰ ধৰ্মনিৰপেক্ষতাত আঘাত সানিছে।

এই দুটা বিষয়ত বিৰোধ কৰিলেও কিন্তু ভাৰতৰ সৈতে সম্পৰ্ক কেতিয়াও বেয়া নকৰে বাইডেনে। এই ইংগিত প্ৰদান কৰিছে এই সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টিনিৱদ্ধ ৰখা বিশ্লেষকসকলে। তেওঁলোকৰ মতে, বাইডেনে বিগত কেইবাটাও দশকধৰি বৈদেশিক নীতিৰ ওপৰত কাম কৰি আহিছে। গতিকে আন্তৰাষ্ট্ৰীয় স্তৰত কোনবোৰ বিষয় কেনেদৰে চম্ভালিব লাগে তাৰ কিটিপ ভালদৰে জানে বাইডেনে।

বিশ্লেষকসকলে লগতে আন এক যুক্তিও দি কৈছে যে, ট্ৰাম্পৰ দৰে বাইডেনে যিকোনো কাম হঠাতে বা নিজৰ মতেই নকৰে। পৰামৰ্শদাতাসকলৰ সৈতে সকলো বিষয় আলোচনা কৰাৰ পাছতহে এক সিদ্ধান্তত উপনীত হয় বাইডেন। তেওঁৰ দুৰদৰ্শীতাৰ প্ৰমাণ ইতিমধ্যে বহু কামত দিছে বুলিও মন্তব্য কৰিছে বিশ্লেষকসকলে।

এইখিনিতে আন এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন আছে। বাইডেন বহুদিনৰে পৰা ভাৰতৰ পক্ষতেই আছে। ইয়াৰ প্ৰমাণ দিছিল ২০০৬চনত। আমেৰিকাৰ বৈদেশিক নীতিক লৈ কাম কৰি থকাৰ সেই সময়তে নিজৰ প্ৰতিবেদনত বাইডেনে লিখিছিল যে, ভাৰত আৰু আমেৰিকা নেচাৰেল সহযোগী হোৱাৰ প্ৰয়োজন আছে। মোৰ বিশ্বাস যে ভাৰত আৰু আমেৰিকা এদিন অতিকৈ ভাল নলেগলে লগা বন্ধু ৰাষ্ট্ৰ হিচাপে পৰিণত হব।

আনকি সেই সময়ত বাইডেনে ভাৰত আৰু আমেৰিকাৰ মাজত হব লগা নিউক্লিয়াৰ চুক্তিৰ বাবেও নিজ দলৰ সাংসদক সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল। এনে বিভিন্ন কামৰ জৰিয়তে বাইডেনৰ ভাৰতৰ প্ৰতি থকা প্ৰীতি প্ৰকাশ পায়। কিন্তু এইখিনিতে বাইডেনৰ অন্য এক কামে ভাৰতক চিন্তাত পেলোৱাৰ স্থল আছে।

জো বাইডেন ভাৰতৰ লগতে পাকিস্তানৰ প্ৰতিও আছে সহমৰ্মিতা। পাকিস্তানক আমেৰিকাই সৈন্য বাহিনীৰ ক্ষেত্ৰত ৭.৫ বিলিয়ন আৰ্থিক সাহায্যৰ চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত জো বাইডেনৰ ভূমিকা আছিল উল্লেখনীয়। ২০০৮চনত পাকিস্তানৰ সামৰিক বাহিনীৰ এক সৰ্বশ্ৰেষ্ঠ সন্মানেৰে সন্মানিত কৰা হৈছিল বাইডেনক। ৰাষ্ট্ৰপতিৰ যুঁজখনত বাইডেন আগবঢ়াৰ লগে লগে পাকিস্তানতো এই চৰ্চা চলিছে যে, এইবাৰ কাশ্মীৰক লৈ সংঘাতৰ প্ৰসংগক লৈ মাত মাতিব বাইডেনে।

বাইডেন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হলে, ভাৰত-আমেৰিকাৰ বৈদেশিক নীতিবোৰ আগতকৈ অধিক স্থায়িত্ব লাভ কৰাৰ সম্ভৱনাই অধিক। কেইবাখনো আন্তৰাষ্ট্ৰীয় বাতৰি কাকতে প্ৰকাশ কৰিছে যে, বাইডেন ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে আফগানিস্তানৰ পৰা আমেৰিকান সৈন্য আতৰাই নিয়াৰ সম্ভৱনা অধিক। এনে বিষয়বোৰৰ ক্ষেত্ৰত বাইডেনে সদায়েই নৰম স্থিতি গ্ৰহণ কৰিছে আহিছে।

বাইডেন শাসনলৈ আহিলে ভাৰতৰ কিদৰে অপকাৰ নহয়, তাৰ শেষৰটো কাৰণ বিশ্লেষকসকলে দিছে এনেদৰে। যদিও চীনৰ সৈতে সংঘাতত ট্ৰাম্পে এফালে ভাৰতৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু অন্যফালে ভাৰতক আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰি থকাৰ এখন ছবি বিশ্বৰ প্ৰেক্ষাপটত দাঙি ধৰিছিল ট্ৰাম্পে। পাকিস্তানক লৈ ভাৰতৰ সৈতে হোৱা আলোচনাত চৰম স্থিতি গ্ৰহণ কৰাৰ কথা কৈছিল যদিও ট্ৰাম্পে আফগানিস্তানত গৈ পাকিস্তানৰ ক্ষেত্ৰত নৰম হোৱা দেখা গৈছিল।

কিন্তু ডেমক্ৰেট দলে স্পষ্ট ৰূপত নিজৰ নীতিত উল্লেখ কৰিছে যে যুদ্ধৰ জৰিয়তে কোনো দেশ শত্ৰু বা মিত্ৰ হব নোৱাৰে। কিন্তু সন্ত্ৰাসবাদক লৈ কোনো সহনশীলতা গ্ৰহণ কৰা নহয় বুলিও স্পষ্ট কৰিছে ডেমক্ৰেট দলে। সমতাৰ ওপৰত বিশ্বাস কৰা ডেমক্ৰেটিক পাৰ্টিয়ে কেতিয়াও কোনো এখন দেশক উচ্চ-নীচ দেখাই যুদ্ধত লিপ্ত নকৰে বুলি উল্লেখ কৰিছে বিশ্লেষকসকলে।

এইসকলোবোৰ দিশলৈ ভালদৰে চালে, বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হলে ভাৰতৰ বাবে কোনো অসুবিধা নহব যেনেই লাগে। বাইডেনে ভাৰতৰ বহু নীতিৰ কথা পুংখানুপুংখভাৱে জানে আৰু সেইসকলো কথা জনাৰ পাছতো দুটা-এটা বিৰোধিতা কৰি নিৰ্বাচনী ৱেবচাইটত লিখিছিল-প্ৰকৃতিৰ অপৰূপ সৃষ্টি ভাৰত। যদি মই নিৰ্বাচনত জিকো, দুয়োখনৰ দেশৰ সম্পৰ্ক আৰু অধিক মজবুত কৰাটো মোৰ কামৰ তালিকাৰ ওপৰতে ৰাখিম

Source:AsomiyaPratidin

You May Also Like

More From Author