Site icon Guwahati Times

এতিয়াৰে পৰা আপোনাৰ বাইক আৰু গাড়ীখনেৰে মাৰিব পাৰিব ভাড়া

এতিয়াৰে পৰা আপোনাৰ বাইক আৰু গাড়ীখনেৰে মাৰিব পাৰিব ভাড়া। দৰকাৰ নহ’ব কোনো বাণিজ্যিক নম্বৰপ্লেটৰ। কিয়নো ৰাজ্যৰ চহৰসমূহৰ অ’লা–উবেৰ–ৰেপিড’ৰ ব্যৱস্থা লৈ চৰকাৰে আনুষ্ঠানিক স্বীকৃতি প্রদান কৰিছে। লগতে এতিয়াৰে পৰা মটৰচাইকেল থকা যিকোনো ব্যক্তিয়ে দিনটোত চাৰিবাৰকৈ ৰেপিড’ হিচাপে আৰোহী সৰবৰাহ কৰিব পাৰিব৷ ইয়াৰ বাবে ব্যক্তিগত নম্বৰ প্লেট থকা দুচকীয়া বাহনসমূহে নম্বৰ প্লেট সলনি কৰাৰ কোনো প্রয়োজন নাই৷ কেৱল এগ্রিকেটৰৰ সৈতে তেওঁলোক সংলগ্ন হ’ব লাগিব৷

ইপিনে চাৰিচকীয়া বাহনৰ ক্ষেত্রতো একেই ব্যৱস্থা প্রযোজ্য হ’ব৷ ইয়াৰ ফলত ব্যক্তিগত দুচকীয়া বাহন, চাৰিচকীয়া বাহনৰ গৰাকীৰো উপার্জনৰ বাট প্রশস্ত হ’ব৷

উল্লেখ্য যে কালি এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সিদ্ধান্তৰ ফলত মহানগৰীত পঢ়ি থকা বহু সংখ্যক শিক্ষাৰ্থী উপকৃত হ’ব। ইয়াৰোপৰি এতিয়াৰে পৰা নিজৰ চাৰিচকীয়া বাহনখনত পুল কাৰ ৰূপত ব্যৱহাৰ কৰিব পাৰিব যিকোনো লোকে। ইয়াৰ বাবে কোনো নম্বৰ প্লেট সলনি কৰিব নালাগে। অৱশ্যে ইয়াৰ বাবে OLA, UBER ৰ লগত আপোনাৰ বাহনখন সংলগ্ন কৰিব লাগিব।

Exit mobile version