Site icon Guwahati Times

ন–কইনা লৈ ঘৰলৈ ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত দৰা–কইনা

ধুবুৰীৰ চাপৰত ভয়ংকৰ দুৰ্ঘটনা (Dhubri Accident)। এখন বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত। নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে এখন ছুইফ্ট বাহনে। ফলত থিতাতে নিহত হয় দৰাৰ ভগ্নী নাপিছা চুলতানা।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ন-বোৱাৰী মঞ্জুৱাৰা বেগমৰ লগতে মছপিক ভূঞা আৰু দৰা মাহমুদ আলী নামৰ তিনিজন। আহত তিনিওকে ততাতৈয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

গুৱাহাটীৰ পৰা বিবাহ কৰাই ধুবুৰী অভিমুখে গৈ আছিল বাহনখন। চাপৰৰ বহলপুৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা মাৰে বাহনখনে। দুৰ্ঘটনাৰ ফলত বাহনখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

Exit mobile version