সংসদৰ অধিৱেশনত সাংসদ ব্যস্ত পৰ্ণ ছবি চোৱাত…আজৱ যুক্তি সাংসদৰ

1 min read

সংসদৰ অধিৱেশন। তাতেই আকৌ বাজেট দাখিল কৰিব। সেই সময়ত সাংসদসকলে বাজেটক লৈ ব্যস্ত থাকিব লাগে। প্ৰশ্ন উত্থাপন কৰিব লাগে বাজেটৰ ওপৰত। কিন্তু ইয়াৰ মাজতেই সাংসদৰ এটা কাণ্ডই সকলোৰে চকু কপালত উঠাইছে। বাজেট অধিৱেশন চলি থাকোঁতেই সাংসদৰ চকু স্মাৰ্টফোনত।স্মাৰ্টফোনত সাংসদে কি চাই আছে ইমান মনোযোগেৰে। জানিলে আচৰিত হ’ব আপুনি, কাৰণ ইমান মনোযোগেৰে এগৰাকী সাংসদে পৰ্ণ ছবি চাই আছিল। এই ঘটনা সংঘটিত হৈছে থাইলেণ্ডৰ সংসদত।

daily mailৰ খবৰ অনুসৰি, শাসকীয় পক্ষৰ এগৰাকী সাংসদে অশ্লীল ছবি চাই থাকোতে প্ৰেছ গেলাৰীত উপস্থিত থকা সাংবাদিকে সকলোবোৰ দৃশ্য সংগ্ৰহ কৰিছিল।পিছত খবৰটো সমগ্ৰ দেশতে বনজুইৰ দৰে বিয়পি পৰিছিল। নিজক স্বীকাৰোক্তিত সাংসদগৰাকীয়ে কয় যে এগৰাকী অসহায় মহিলাই তেওঁৰ পৰা সহায়ৰ বাবে মেচেজ দিছিল আৰু তেওঁ মহিলাগৰাকীক সহায় কৰিব বিচাৰিছিল যদিও মহিলাগৰাকীয়ে ধন দাবী কৰাত তেওঁ পষ্টটো ডিলিট কৰি দিছিল।

চৰকাৰে এতিয়া সাংসদ জনৰ পৰা কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে। লগতে বিৰোধী পক্ষই ইয়াৰ উচিত তদন্ত দাবী কৰিছে।

You May Also Like

More From Author