চিবিআইয়ে অৱশেষত চাঞ্চল্যকৰ শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আজি অনুসন্ধানকাৰী সংস্থাটোৱে মুম্বাইৰ এখন বিশেষ আদালতক ২০১২ চনৰ শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া সমাপ্ত হৈছে বুলি অৱগত কৰে।
ইপিনে, চিবিআইয়ে ইন্দ্ৰাণী মুখাৰ্জী, তেওঁৰ চালক শ্যামবৰ ৰায়, তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু পিটাৰ মুখাৰ্জীৰ নাম সাঙোৰ খাই পৰা তিনিখন অভিযোগপত্ৰ আৰু দুখন পৰিপূৰক অভিযোগপত্ৰ দাখিল কৰিছে।
২০১৫ চনত ইন্দ্রণী মুখাৰ্জীক প্ৰথম বিবাহৰ কন্যা ২৫ বছৰীয়া জীয়েক শ্বীনা বৰাৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী তিনি মাহৰ অন্তত, ইন্দ্ৰাণী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীকো ইন্দ্ৰাণীক হত্যাকাণ্ডত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। ইপিনে কাৰাগাৰত থাকোঁতে, ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ তেওঁলোকৰ ১৭ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটে আৰু ২০১৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।
অনুসন্ধানকাৰী দলটোৰ বিষয়াসকলে ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰি কয় যে, ইন্দ্ৰাণীৰ জীয়েক শ্বীনা বৰাৰ পিটাৰ মুখাৰ্জীৰ পূৰ্বৰ বিবাহৰ সন্তান ৰাহুল মুখাৰ্জীৰ সৈতে থকা সম্পৰ্কক লৈ যথেষ্ট মনোমালিন্য হৈছিল। ইপিনে, শ্বীনা বৰাৰ হত্যাৰ পিছত, ইন্দ্ৰাণীয়ে বন্ধুবৰ্গক কৈছিল যে শ্বীনাক উন্নত জীৱনৰ বাবে আমেৰিকালৈ স্থানান্তৰিত হৈছে।

