Site icon Guwahati Times

ভাৰতীয় সেনাবাহিনীৰ ২৯সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ জেনেৰেল মনোজ পাণ্ডেৰ

জেনেৰেল মনোজ পাণ্ডেয়ে শনিবাৰে নতুন সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। জেনেৰেল এম এম নাৰাৱানেৰ কার্যকাল ৩০ এপ্রিল তথা আজি সামৰণি পৰাৰ পাছতে জেনেৰেল মনোজ পাণ্ডেয়ে নাৰাৱানেৰ পৰা দায়িত্ব গ্ৰহণ কৰে। ভাৰতীয় সেনাৰ 117 ইঞ্জিনিয়াৰ্ছ ৰেজিমেণ্টৰ অন্তৰ্ভুক্ত পাণ্ডে হৈছে দেশৰ ২৯ তম সেনা প্ৰধান। উল্লেখ কৰা প্ৰয়োজন যে ভাৰতীয় সেনাবাহিনীৰ ২৯সংখ্যক মুৰব্বী

উল্লেখ কৰা প্ৰয়োজন যে ভাৰতীয় সেনাবাহিনীৰ ২৯সংখ্যক মুৰব্বী হিচাপে নিযুক্তি পোৱা মনোজ পাণ্ডে হৈছে ক’ৰ অৱ ইঞ্জিনীয়ার্ছৰ প্রথমগৰাকী বিষয়া৷

ৰাষ্ট্রীয় প্রতিৰক্ষা একাডেমীৰ পৰা উত্তীর্ণ হৈ ১৯৮২ চনৰ ডিচেম্বৰত ক’ৰ অৱ ইঞ্জিনীয়ার্ছত নিযুক্তি লাভ কৰে৷ জম্মু–কাশ্মীৰৰ এল অ’ চি সংলগ্ন পালানৱালা ছেক্টেৰত অপাৰেচন পৰাক্রমৰ সময়ত ইঞ্জিনীয়াৰ ৰেজিমেণ্টৰ দায়িত্বত থকা ফেলটেনেণ্ট জেনেৰেল পাণ্ডেই ৩৯ বছৰীয়া সামৰিক কেৰিয়াৰত লাডাখত কার্যনির্বাহ কৰাৰ লগতে উত্তৰ–পূর্বাঞ্চলতো কার্যনির্বাহ কৰিছিল৷ ইষ্টার্ন কমাণ্ডোৰ দায়িত্ব গ্রহণৰ পূর্বে আন্দামান আৰু নিকোবৰ কমাণ্ডাৰ ইন চীফ হিচাপে দায়িত্ব গ্রহণ কৰিছিল৷ বর্তমান লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই দেশৰ সেনাবাহিনীৰ উপ–মুৰব্বী হিচাপে কার্যনির্বাহ কৰি আছে৷

Exit mobile version