Site icon Guwahati Times

২৭ জানুৱাৰীৰ পৰা ৰাজ্যত ধাৰাবাহিক চকা বন্ধ

মটৰ শ্ৰমিক সংগঠনৰৰ যৌথ মঞ্চৰ প্ৰতিবাদ। অহা ২৭ জানুৱাৰীত মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই আহ্বান জনাইছে চকা বন্ধৰ। চৰকাৰে সংগঠনটোৰ দাবী মানি নোলোৱাৰ প্ৰতিবাদত চকা বন্ধৰ কাৰ্যসূচী হাতত লৈছে। ইফালে চৰকাৰে সংগঠনটোৰ দাবী মানি নল’লে বিধানসভা অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনটোত ৪৮ ঘণ্টীয়া চকা বন্ধ আহ্বান জনোৱাৰ হুংকাৰ দিছে সংগঠনটোৱে।

অসংগঠিত খণ্ডৰ ৮ৰ পৰা ৯ লাখ চালক কৰ্মচাৰীক চৰকাৰে শুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে ল’ক ডাউৰ ফলত কৰ্মহীন হৈ পৰে শ্ৰমিকসকলক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই।

তেওঁলোকৰ প্ৰধান দাবী সমূহৰ ভিতৰত আছে- যানবাহন কৰ ৰেহাই, বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত থকা বাধা আঁতৰ কৰা।

Source: News18

Exit mobile version